ETV Bharat / state

কলাত অষ্টম স্থান লাভেৰে সৰভোগলৈ গৌৰৱ কঢ়িয়ালে ডেইজীয়ে - বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা

সৰভোগৰ বাডচ একাডেমীৰ ছাত্ৰী ডেইজী নাথে কলা শাখাত অষ্টম স্থান লাভেৰে কৃতিত্ব কঢ়িয়াবলৈ সক্ষম হৈছে ৷ ডেইজীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সৰভোগবাসী ৷ ছাত্ৰীগৰাকীক এই সাফল্যৰ বাবে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Daisy nath secured 8th positions at arts stream from HS final exam 2020 barpeta assam etv bharat news
কলাত অষ্টম স্থান লাভ ডেইজীৰ
author img

By

Published : Jun 25, 2020, 5:46 PM IST

বৰপেটাৰোড,25 জুন: বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাৰ পৰা অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ সৰভোগৰ বাডচ একাডেমীৰ ছাত্ৰী ডেইজী নাথে ৷ সৰভোগৰ ৰামপুৰৰ ডাক বিভাগৰ কৰ্মচাৰী মুকুট নাথৰ কন্যা ডেইজী নাথৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সৰভোগবাসী ৷ ভৱিষ্যতে এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ আশা পুহি ৰখা ছাত্ৰীগৰাকীয়ে ইংৰাজী বিষয়ক গুৰু বিষয় হিচাপে লৈ কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত অধ্যয়ন কৰিব ৷

কলাত অষ্টম স্থান লাভ ডেইজীৰ

ছাত্ৰীগৰাকীৰ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ,জ্যেষ্ঠ ভগ্নী আৰু শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ৷ ডেইজীয়ে ইংৰাজীত 90,অসমীয়াত 87,ৰাজনীতি বিজ্ঞানত 98,শিক্ষাত 95,দৰ্শনত 98 আৰু অৰ্থনীতি বিজ্ঞান বিষয়ত 94 সহ 468 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰীগৰাকীৰ এই সাফল্যৰ বাবে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে চাওকঃ বাণিজ্য শাখাৰ অষ্টম স্থানপ্ৰাপ্ত তৃষ্ণাৰ মন চাটাৰ্ড একাউণ্টটেণ্ট হোৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.