বৰপেটা, 3 জুলাই : বিগত কেবাদিন ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, বেঁকী, পহুমাৰা, কালদিয়া আদি নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ জিলাখনত নৈ সমূহৰ জলপৃষ্ঠ বিপদসীমা পাৰ হোৱা নাই যদিও পহুমাৰা আৰু কালদিয়া নৈৰ জলপৃষ্ঠ ব্যাপকভাবে বৃদ্ধি পাবলৈ ধৰিছে ৷ ইপিনে পহুমাৰা নৈৰ (Pahumara river) বাঢ়নি পানীয়ে শনিবাৰে পুৱতি নিশা বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টি (Sarukhetri Constituency)ৰ বৰপেটা-ভৱানীপুৰ পথৰ ৩ নং কল'নী পথৰ ওপৰত থকা কালভাৰ্টটো উটুৱাই নিয়ে ৷
শুকুৰবাৰে নিশাৰ ভাগত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত কালভাৰ্টটো উটুৱাই নিয়ে ৷ উক্ত কালভাৰ্টো উটুৱাই নিয়াৰ ফলত সৰুক্ষেত্ৰী সমষ্টি (Sarukhetri Constituency)ৰ ঠেকা কল'নী অঞ্চলৰ পাকা বেতবাৰী পাম, পানীমৰিচা পথাৰ, মৰিচা পথাৰ, চকীৰ ভিঠা আদিকে ধৰি প্ৰায় দহখনতকৈয়ো অধিক গাঁৱৰ লোকে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ইপিনে পহুমাৰা নৈ (Pahumara river)ৰ বাঢ়নি পানীয়ে সম্প্ৰতি বৰপেটা-কয়াকুছি-ভৱানীপুৰ সংযোগী মূল পথটোৰ প্ৰতিও ভাবুকি আহিছে বুলি স্থানীয় লোকে সাংবাদিকৰ আগত সদৰি কৰিছে ৷
বছৰ বছৰ ধৰি বেঁকী, পহুমাৰা, কালদিয়া আদি নৈসমূহৰ বাঢ়নি পানীয়ে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঘৰ-মাটি-ভেটিৰ লগতে কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে ৷ কিন্তু কি কংগ্ৰেছ, কি বিজেপি চৰকাৰ কোনো এখন চৰকাৰেই বানপানীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে প্ৰতি বছৰে জীয়াতু ভুগিবলগীয়া হোৱা বুলি অভিযোগ কৰিছে ৰাইজে ৷
ইফালে গাঁওবাসীৰ অভিযোগ কৰে যে, পথটোৰ ওপৰত দলং অথবা বক্স কালভাৰ্ট নিৰ্মাণ কৰাৰ সলনি হিউম পাইপ বহুওৱাৰ ফলতে পহুমাৰা নৈৰ সূঁতিৰ অতিৰিক্ত পানীভাগ ওলাই যাব নোৱাৰি প্ৰতি বছৰে পথটো উটুৱাই নিয়ে ৷ অতি শীঘ্ৰে কালভাৰ্টৰ সলনি এখন দলং নিৰ্মাণ বা অন্য কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক-চৰকাৰৰ দায়িত্বহীনতা: স্থানীয় লোকে মেৰামতি কৰিলে ভগ্ন মথাউৰি