ETV Bharat / state

বেকী নদীৰ পাৰত ৰৈ গণ আত্মজাহৰ ভাবুকি চি পি আই এমৰ - ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত কলগাছিয়াত চি পি আই এমে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ । এসপ্তাহৰ ভিতৰত কাম আৰম্ভ নহ’লে আমৰণ অনশন অথবা নদীৰ বুকুত গণ আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে চি পি আই এমৰ ।

CPIM stage protest in Kalgachia against erosion
কলগাছিয়াত চি পি আই এমৰ পথ অৱৰোধ
author img

By

Published : Apr 13, 2022, 9:21 PM IST

জনীয়া, 13 এপ্ৰিল : বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বুধবাৰে কলগাছিয়াৰ কৰাৰকুৰত চি পি আই এমে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে(CPIM block the state highway in kalgachia) । উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেঁকী নদীয়ে বাৰিষাৰ প্ৰাক্ ক্ষণতেই জিলাখনৰ কাউৰজাহী, বলাইপাথাৰ, খাৰবাল্লী, সুতিৰপাথাৰ, আমগুৰী আৰু শওপুৰ গাঁৱৰ কিছু অংশত গৰাখহনীয়া সৃষ্টি কৰি নৈপৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

এই খহনীয়াই অভয়াপুৰীৰ পৰা বৰপেটাহৈ গুৱাহাটীলৈ যোৱা দ্বিতীয় ৰাজ্যিক ঘাইপথৰ লগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শওপুৰ আৱাসিক আদৰ্শ বিদ্যালয় আৰু প্ৰায় বিশখনকৈ অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকিৰ কঢ়িয়াই আনিছে । বিগত বাৰিষাৰ সময়তো অঞ্চলটোত বেঁকী নদীৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল ।

কলগাছিয়াত চি পি আই এমৰ প্ৰতিবাদ

শওপুৰত ৰাজ্যিক ঘাইপথৰ আধাখিনি ছিঙি যোৱাৰ পিছত প্ৰশাসনে অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে কিছু পৰিমাণে কাম কৰিছিল যদিও খৰালিৰ দীৰ্ঘ সময়ছোৱাত স্থায়ী প্ৰতিৰোধৰ কোনো ব্যৱস্থা গঢ়ি নুঠিল । ফলত নদীখনে এইবাৰ পুনৰ অঞ্চলটোত গৰাখহনীয়া আৰু আতংকৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত চি পি আই এম কলগাছিয়া আঞ্চলিক কমিটিয়ে বুধবাৰে কৰাৰকুৰ বেঁকী দলঙৰ কাষত বিক্ষোভ আৰু পথ অৱৰোধ কাৰ্যসূচী পালন কৰে ৷

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ তেওঁলোকে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ এক স্থায়ী ব্যৱস্থা কৰাৰ বাবে চৰকাৰক সাতদিন সময়সীমা বান্ধি দিয়ে । সময়ৰ ভিতৰত কাম আৰম্ভ নহ’লে আমৰণ অনশন অথবা নদীৰ বুকুত গণ আত্মজাহ যোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : বেকী নদীৰ গৰাখহনীয়াৰ পৰ্যবেক্ষণ নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.