জনীয়া, 28 চেপ্তেম্বৰ: কৃষি আইনৰ বিৰুদ্ধে সৰৱ হৈছে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো ইমূৰ-সিমূৰ ৷ প্ৰতিদিনেই আইন খনৰ বিৰোধিতাৰে অব্যাহত আছে ভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ সোমবাৰে কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াৰ ইছব বজাৰত চি পি আই এমে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই আইনক কৃষি বিৰোধী আখ্যা দি অতি শীঘ্ৰেই আইন বাতিল নকৰিলে আগন্তুক দিনত ভাৰতৰ প্ৰতিটো প্ৰান্তৰ কৃষকে শাসনাধীন চৰকাৰ খনক তললৈ নমাবলৈ সময় নালাগিব বুলি প্ৰতিবাদযোগে সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: নাওবৈচাত কৃষি আইনৰ বিৰোধিতাৰে কৃষক মুক্তিৰ প্ৰতিবাদ