জনীয়া,১০ জুন: হোজাইৰ কাকীত প্ৰশাসনে উচ্ছেদ(Eviction) অভিযান চলোৱাৰ পিছতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ(Protest) সাব্যস্ত কৰি আহিছে । বৃহস্পতিবাৰে বৰপেটাৰ কলগাছিয়াত CPI(M)ৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰশাসনৰ কাৰ্যক অমানৱীয় আখ্যা দিয়ে দলটোৱে ।
ক'ভিড প্ৰট'কল মানি কলগাছিয়া চাৰিআলি চ’কত CPI(M)ৰ কৰ্মকৰ্তাই বিক্ষোভ প্ৰদৰ্শন কৰে । অমানৱীয় উচ্ছেদ বন্ধ কৰক আদি বিভিন্ন শ্ল'গান সম্বলিত প্লে-কাৰ্ড লৈ প্ৰতিবাদ(Protest) কৰে দলীয় কৰ্মকৰ্তাই । লগতে উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় ।
উল্লেখ্য যে, কাকী(Kaki)ৰ ৰবাৰ বাগানত বনাঞ্চলৰ ভূমিত অবৈধভাৱে বেদখল কৰি থকা বহু লোকক হোজাই জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল ৷ প্ৰায় ২৭০ বিঘা ভূমিত ১৫ টাকৈ পৰিয়ালে বে-আইনীভাৱে বাস কৰি আছিল ।
লগতে পঢ়ক: উচ্ছেদ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ এবিএমছুৰ