ETV Bharat / state

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে জনীয়াত গোধনৰ মৃত্যু: কথমপি প্ৰাণৰক্ষা তিনিজনৰ

author img

By

Published : Apr 18, 2022, 8:11 AM IST

Updated : Apr 18, 2022, 10:39 AM IST

জনীয়াৰ টাপাজুলিত ধুমুহাত ছিঙি থকা বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু গোধনৰ(Cow died due to electrocuted in Barpeta) । ক্ষেত্ৰ পৰিদৰ্শন আৰু বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি নকৰাকৈ বিদ্যুৎ সংযোগ কৰাৰ বাবেই গোধনৰ মৃত্যুৰ অভিযোগ । কথমপি প্ৰাণৰক্ষা তিনিজনৰ ।

cow-died-in-jania-due-to-negligence-of-electricity-department
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে জনীয়াত গোধনৰ মৃত্যু

জনীয়া, 18 এপ্ৰিল : বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ চৰম হেমাহিৰ বাবেই দেওবাৰে বৰপেটা জিলাৰ জনীয়াৰ টাপাজুলিত এটা গোধনৰ মৃত্যু(Cow died in Jania due to negligence of Electricity Department) হোৱাৰ লগতে তিনিজন ব্যক্তিৰ কোনোমতে প্ৰাণৰক্ষা পৰে । শুকুৰবাৰে হোৱা প্ৰচণ্ড ধুমহাৰ ফলত জনীয়াৰ টাপাজুলিৰ আনোৱাৰ হুছেইনৰ ঘৰৰ সন্মুখত গছ পৰি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মাটিত পৰি আছিল ।

বিদ্যুৎ বিভাগে ক্ষেত্ৰ পৰিদৰ্শন আৰু ছিঙা তাঁৰ মেৰামতি নকৰাকৈ দেওবাৰে সন্ধিয়া বিদ্যুৎ পৰিবহণ কৰাত আনোৱাৰ হুছেইনৰ গোঁহালীৰ পৰা পঘা ছিঙি ওলাই অহা এটা গোধন বিদ্যুৎ পৃষ্টহৈ মৃত্যুমুখত পৰে(Cow died in Jania) । ইফালে গোধনৰ পিছে পিছে ওলাই অহা আনোৱাৰ হুছেইন, তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ কোনোমতে প্ৰাণৰক্ষা পৰে ।

আনোৱাৰ হুছেইন

জনীয়াৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী পংকজ বায়নৰ হেমাহিৰ বাবেই আনোৱাৰ হুছেইনৰ গোধনৰ মৃত্যুহৈ ৫০ হেজাৰ টকাৰ ক্ষতি হোৱা বুলি অভিযোগ কৰে হুছেইনৰ লগতে স্থানীয় ৰাইজে । ভুক্তভোগী পৰিয়ালটোৱে ইয়াৰ উচিত ক্ষতিপূৰণ দিবলৈ বিদ্যুৎ বিভাগক দাবী জনোৱাৰ লগতে আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি দিয়ে ।

লগতে পঢ়ক : অভিশপ্ত শনিবাৰটোৱে লৈ গ’ল বিহু ভালপোৱা সিহঁতবোৰক...

Last Updated : Apr 18, 2022, 10:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.