ETV Bharat / state

কলগাছিয়াৰ ক'ভিড ভেকচিন কেন্দ্ৰত কুপনৰ নাম ধনৰ লেনদেনৰ অভিযোগ

author img

By

Published : Sep 14, 2021, 7:28 PM IST

কলগাছিয়াৰ বালাৰপথাৰ টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজৰ অভিযোগ মতে, প্ৰতিষেধক গ্ৰহণৰ বাবে কুপন ল'ব বিচাৰিলে পৰিশোধ কৰিব লাগে ১০ টকাকৈ । এই অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে গাঁৱৰ ৰাইজে ।

Covid Vaccine Coupon issue at kalgachia vaccination centre
কলগাছিয়াৰ ক'ভিড ভেকচিন কেন্দ্ৰত কুপনৰ নাম ধনৰ লেনদেনৰ অভিযোগ

জনীয়া, ১৪ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো বৰ্তমান অব্যাহত আছে টীকাকৰণ অভিযান । কিন্তু টীকাকৰণ কেন্দ্ৰসমূহত প্ৰতিষেধক প্ৰদানক লৈ বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে । কোনো কোনো কেন্দ্ৰত প্ৰতিষেধকৰ নাটনিক লৈ সমস্যা হৈছে আৰু আন কোনো কোনো কেন্দ্ৰত কুপন দিয়াক লৈ আৰম্ভ হৈছে ব্যপক খেলিমেলি । দৰাচলতে বৰপেটাৰ কলগাছিয়াৰ বালাৰপথাৰ টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

প্ৰথমে কুপন ল'ব লাগে আৰু তাৰ পাছত কুপন থকা লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হয় । যিসকলে কুপন সংগ্ৰহ নকৰে তেওঁলোক টীকাকৰণৰ পৰা বাদ পৰে । সেয়ে, প্ৰতিষেধক ল'বলৈ যোৱা লোকে কুপন লোৱাৰ ওপৰত গুৰুত্ব দিয়াটো স্বাভাৱিক । কিন্তু ইয়াৰ সুযোগ গ্ৰহণ কৰিছে একাংশ লোকে ।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা মতে, বালাৰপাথাৰ টীকাকৰণ কেন্দ্ৰত প্ৰতিটো কুপনৰ বাবদ পৰিশোধ কৰিব লাগে ১০ টকাকৈ । এই বিষয়ে ৰাইজে গাওঁবুঢ়া মিৰ্জা মাইনউদ্দিনক অৱগত কৰে ।

কিন্তু গাঁওবুঢ়াগৰাকীয়ে কয় যে, চৰকাৰৰ উৰ্ধতন কতৃপক্ষৰ অনুমতি সাপেক্ষেহে কুপনৰ বাবদ ১০ টকাকৈ সংগ্ৰহ কৰা হৈছে । সেয়ে, এই ক্ষেত্ৰত সহায় কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । এই কাৰ্যৰ সৈতে যিসকল লোক জড়িত হৈ আছে সেই লোকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

আনহাতে, টীকাকৰণ কেন্দ্ৰবোৰত গোটেই দিনটো দীঘলীয়া শাৰী পাতি ৰৈ থকাৰ পিছতো বহু লোকে প্ৰতিষেধক অবিহনেই ঘৰলৈ উভতিবলগীয়া হয় । সেয়ে, গাঁৱে গাঁৱে বিভাগীয় কৰ্তৃপক্ষই টীকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে যদিও একাংশ লোকে ইয়াৰ সুবিধা লৈ কুপনৰ বেহা আৰম্ভ কৰিছে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই এনে অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.