ETV Bharat / state

বুধবাৰৰ দিনটোত বৰপেটা-নলবাৰীত কৰ’ণা আক্ৰান্তৰ তথ্য

author img

By

Published : Jun 10, 2021, 11:26 AM IST

বুধবাৰৰ দিনটোত বৰপেটাত এগৰাকী কৰ’ণা ৰোগীৰ মৃত্যু হয় ৷ জিলাখনত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৬,৬৭১ গৰাকীলৈ বৃদ্ধি পাইছে ৷ নলবাৰীত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ এতিয়ালৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 5,720 গৰাকী ৷ সম্প্ৰতি জিলাখনত 344 গৰাকী হোম আইচ’লেচনত আছে ৷

covid-update-of-barpeta-and-nalbari-on-wednesday
বুধবাৰৰ দিনটোত বৰপেটা আৰু নলবাৰীত ক’ভিড আক্ৰান্তৰ তথ্য

বৰপেটা/নলবাৰী, 10 জুন : বৰপেটা জিলাত বুধবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্তৰ হাৰ ১.৩১ শতাংশ । বুধবাৰে কৰ’ণাত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনত মৃতকৰ সংখ্যা ৯৯ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ লগতে বুধবাৰে জিলাখনত ৬৭ গৰাকী কৰ’ণা ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে নতুনকৈ ১০৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷

উল্লেখ্য যে, বৰপেটা জিলাত এতিয়ালৈ মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৬,৬৭১ গৰাকীলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জিলাখনত মুঠ ৪,৬৯৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বুধবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৮২৮ গৰাকী ৷ ক’ভিড পৰীক্ষা কৰা ৮,২৬২ গৰাকী লোকৰ ভিতৰত ১০৯ গৰাকী কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷

আনহাতে, নলবাৰীত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । কিছুদিন ধৰি জিলাখনত নিম্নগামী হৈছে ক’ভিড আক্ৰান্তৰ হাৰ । এতিয়ালৈ নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 5720 গৰাকী ৷ বুধবাৰৰ দিনটোত 49 গৰাকী লোক পুনৰ কৰ’ণাত আক্ৰান্ত হয় ৷ সম্প্ৰতি জিলাখনত 523 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 344 গৰাকী হোম আইচ’লেচনত আছে ৷

covid-update-of-barpeta-and-nalbari-on-wednesday
বুধবাৰৰ দিনটোত নলবাৰীত কৰ’ণা আক্ৰান্তৰ তথ্য

উল্লেখ্য যে, জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়(Mukunda Kakati Civil Hospital)ত 97 গৰাকী, বেলশৰ মডেল হাস্পতাল(Belsor Model Hospital)ত 11 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতাল(Makhibaha Model Hospital)ত 12 গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে মহাত্মা গান্ধী মডেল হাস্পতাল(Mahatma Gandhi Model Hospital)ত খাতিকুছিত 8 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ একেদৰে সাৰথি হাস্পতাল(Sarathi Hospital)ত 8 গৰাকী আৰু আদাবাৰী মডেল হাস্পতাল(Adabari Model Hospital)ত 5 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি GMCH, MMCH আৰু কালাপাহাৰৰ ক’ভিড চিকিৎসালয়(Kalapahar Covid Hospital)লৈ 38 গৰাকী উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ইফালে বুধবাৰৰ দিনটোত জিলাখনত 55 গৰাকী ক’ভিড ৰোগী সুস্থ হৈ উঠিছে । আনহাতে, জিলাখনৰ কেইবাখনো চিকিৎসালয় আৰু ক’ভিড পৰীক্ষা কেন্দ্ৰ(Covid test Centre)ত বুধবাৰৰ দিনটোত 1,356 টা ৰেপিড পৰীক্ষা(Rapid test) সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিহিং পাটকাইলৈ: উৎফুল্লিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.