ETV Bharat / state

ক'ভিড-19 ত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড° চফুৰ আলীৰ মৃত্যু

author img

By

Published : Aug 6, 2020, 10:34 PM IST

বৰপেটাৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড° চফুৰ আলী বুধবাৰে নিশা মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় । চিকিৎসালয়ত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

COVID PATIENT DEAD IN ASSAM BARPETA
ক'ভিড-19 ত আক্ৰান্ত হৈ বৰপেটাৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড° চফুৰ আলীৰ মৃত্যু

বৰপেটা ৬ আগষ্ট : বৰপেটা জিলাৰ মাজমজিয়াৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড° চফুৰ আলীৰ বুধবাৰে নিশা মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় লোকজনৰ ৷

জানিব পৰা মতে, বুধাবাৰে শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ড° চফুৰ আলীক ৷ চিকিৎসালয়তে চফুৰ আলীৰ দেহত ধৰা পৰে ক'ভিড-19 ৰ উপস্থিতি ৷ লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে, বৃহস্পতিবাৰে চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ড° চফুৰ আলীৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি লয় ৷

উল্লেখ্য যে, প্ৰয়াত ড° চফুৰ আলী চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ পৰা প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67 বছৰ । সন্ধিয়া এক শোকাকুল পৰিৱেশৰ মাজত জানাজা সম্পন্ন কৰা হয় ৷ জানাজাৰ সময়ত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ,সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱী, অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ চামাদ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথকে আদি কৰি বহু কেইগৰাকী লোক উপস্থিত থাকে । ড° চফুৰ আলীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : মহানগৰীত স্নেহা বেচৰকাৰী সংস্থাৰ সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.