ETV Bharat / state

Corruption in JJM Scheme : কলগাছিয়াৰ ৰুভি গাঁৱত জল জীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি - Corruption in Jal Jeevan Mission at Kalgachia

কলগাছিয়াৰ ৰুভি গাঁৱত জল জীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি (Scam in JJM at Kalgachia) । অতি নিম্নমানৰ বালি আৰু প্ৰাক-কলন মতে কাম নকৰাৰ অভিযোগ ঠিকাদাৰ ৰমেজ উদ্দিন আহমেদৰ বিৰূদ্ধে । ৮ আৰু ১০ মিঃমিঃ ৰডেৰে চলাইছে জল জীৱন মিছনৰ কাম । কোনেও চিনি নাপায় ঠিকাদাৰ আৰু অভিযন্তাক ।

Kalgachia
Kalgachia
author img

By

Published : Mar 24, 2023, 2:12 PM IST

জনীয়া, ২৪ মাৰ্চ : ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে জল জীৱন মিছন (Jal Jeevan Mission) । কিন্তু কলগাছিয়াৰ ৰুভি গাঁৱৰ প্ৰথম খণ্ডত জল জীৱন মিছন আঁচনিৰ নামত চলিছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম (Scam in JJM at Kalgachia) । ঠিকাদাৰ ৰমেজ উদ্দিন আহমেদৰ ছত্ৰছায়াত কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজক পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে (central govt JJM scheme) ।

চৰকাৰে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে সুকীয়া পানীৰ টেপৰ ব্যৱস্থা কৰিছে । কিন্তু ৰুভি গাঁৱত এই আঁচনি ৰূপায়ণত সংঘটিত হৈছে অনিয়ম । চৰকাৰে ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ গৃহত একোটাকৈ কাৰ্যক্ষম পানীৰ টেপ সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে । চৰকাৰৰ এই পৰিকল্পনাৰ পিছতেই ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ হ'ব বুলি আশা কৰিছিল । পিছে এই আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰে যিমানেই ক্ষিপ্ৰগতিত কাম কৰিছে, সিমানেই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Corruption in Jal Jeevan Mission at Kalgachia) ।

এইবাৰ এনে অভিযোগ উত্থাপিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ ৰুভি গাঁৱত । বৰপেটা জিলাৰ ৰুভিত খীৰতি গাইত পৰিণত হৈছে এই জল জীৱন মিছন । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হৈ থকা জল জীৱন আঁচনিত অতি নিম্নমানৰ বালি ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । আনহাতে, য'ত ১২ মিঃমিঃ ৰড ব্যৱহাৰ কৰিব লাগে, তাত ৮ আৰু ১০ মিঃমিঃ ৰড ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি কোনেও নাজানে কামৰ প্ৰাক-কলন ।

কোনেও চিনি নাপায় আৰু দেখা পোৱা নাই ঠিকাদাৰ আৰু অভিযন্তাক । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা (PHE Barpeta sub Division) উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ চকুৰ সন্মুখতে জল জীৱনৰ নামত ঠিকাদাৰ ৰমেজ উদ্দিন আহমেদে চলাইছে ব্যাপক দুৰ্নীতি । কেৱল মতিয়াৰ ৰহমান নামৰ এজন ব্যক্তিক কামৰ চোৱাচিতা গতাই দি দায়িত্ব সমৰিছে ঠিকাদাৰ আৰু অভিযন্তাই । লগতে মাটিৰ গৰাকীয়েও এনে কামত সন্তুষ্ট নহয় বুলি মন্তব্য কৰে । এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :SEBA issues strict guidelines: বিদ্যালয় পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশনাৱলী SEBA ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.