ETV Bharat / state

তিনি বছৰে সম্পূৰ্ণ নহ’ল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং - corruption bridge

গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলংখন বিগত তিনি বছৰে সম্পূৰ্ণ হৈ নুঠিল । বিকল্প বাহঁৰ জৰাজীৰ্ণ সাকোঁয়েদি যাতায়ত কৰোতে প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা। ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। কুম্ভকৰ্ণ নিদ্ৰাত বঙাইগাঁও জিলা প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধি।

corruption  bridge construction at jonia
তিনি বছৰে সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং
author img

By

Published : Oct 9, 2020, 10:42 AM IST

জনীয়া,9 অক্টোবৰঃ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া গুনিয়ালগুৰি-কোকিলা সংযোগী নিৰ্মীয়মান পকী দলংখন সম্পূৰ্ণ হৈ নুঠাত যাতায়ত যমৰ যাতনাত ভূগিছে স্কুল কলেজৰ ছাত্র ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে । উল্লেখযোগ্য যে, 2017/18 বৰ্ষত উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰিকে ১ কোটি ৬৯ লাখ ৯৩ হাজাৰ টকাৰে দলং খন নিৰ্মাণৰ কামৰ শুভ উদ্ভোধন কৰে যদিও বঙাইগাঁও জিলা গঢ়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ গাফিলাতিৰ বাবেই দলংৰ কাম সম্পূৰ্ণ হৈ উঠা নাই বুলি ৰাইজে অভিযোগ কৰিছে ।

তিনি বছৰে সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং

তাৰোপৰি ৰাইজৰ যাতায়তৰ বাবে বিকল্প বাহঁৰ সাকোঁ আছে যদিও সাকোঁখন জহি খহি যোৱাত বহুত কষ্টৰে ৰাইজে যাতায়ত কৰা দেখা গৈছে। মেৰামতি নকৰাৰ ফলত মাজে সময়ে ভঙা সাকোঁৰ পৰা পৰি ইতিমধ্যে কেইবাজনো ব্যক্তিৰ হাত ভৰি ভঙাৰ তথ্য পোৱা গৈছে। দলং খন নিৰ্মাণত হোৱা দুৰ্নীতি আৰু হেমাহিৰ বাতৰি আমি ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰি আহিছোঁ যদিও বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰে কোনো ধৰনৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আনকি স্থানীয় বিধায়ক আৰু সাংসদৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে। বিষয়টো সন্দৰ্ভত বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.