ETV Bharat / state

চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল আৰক্ষী বিষয়া কামেশ্বৰ লহকৰৰ ! - ক’ভিড ৰোগী

কামেশ্বৰ লহকৰ নামৰ আৰক্ষী বিষয়াগৰাকীয়ে ২১ আগষ্টৰ পুৱা ৮-৩০ বজাত বৰপেটা অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । পৰিয়ালৰ লোকে উত্থাপন কৰিছে চিকিৎসাত গাফিলতিৰ অভিযোগ ৷

corona patient
corona patient
author img

By

Published : Aug 22, 2020, 5:45 AM IST

Updated : Aug 22, 2020, 6:48 AM IST

জনীয়া, 21 আগষ্ট : বৰপেটা অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা ক’ভিড ৰোগীক লৈ চাঞ্চল্য । পৰিয়ালৰ লোকে উত্থাপন কৰিছে চিকিৎসাত গাফিলতিৰ অভিযোগ ৷ কামেশ্বৰ লহকৰ নামৰ অসম আৰক্ষীৰ বিষয়াগৰাকীয়ে ২১ আগষ্টৰ পুৱা ৮-৩০ বজাত বৰপেটা অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । লহকৰৰ মৃত্যুক আত্মীয়ই সহজভাৱে মানি ল'ব বিচাৰা নাই । আত্মীয়ই দাবী কৰা মতে দুদিন পূৰ্বেও তেওঁ মটৰ চাইকেলেৰে ঘৰৰ পৰা বঙাইগাঁও জিলাৰ বিজনিলৈ অহা-যোৱা কৰিছিল তেওঁ । তেনে ক্ষেত্ৰত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হোৱা বুলি আত্মীয়ই অভিযোগ উত্থাপন কৰিছে যদিও পাছত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত পৰিয়ালৰ লোকে মৃতদেহ চমজি লয়।

চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল কামেশ্বৰ লহকৰৰ

ৰোগীজন বহুমূত্ৰ ৰোগৰ লগত আন ৰোগতো আক্ৰান্ত আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। বৰপেটা অসামৰিক চিকিৎসালয়ত এয়া দ্বিতীয় গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু হোৱাত কলগাছিয়াত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । ৰোগীজন অসম আৰক্ষীৰ ৰেডিঅ' শাখাৰ বিষয়া হিচাপে বিজনী আৰক্ষী থানাত কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : সোণালী পামত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন সাংসদ দিলীপ শইকীয়াৰ

Last Updated : Aug 22, 2020, 6:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.