বৰপেটাৰোড,27 ছেপ্তেম্বৰ: বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ বিভিন্ন নামঘৰৰ উন্নয়নৰ বাবে 2019-20 বৰ্ষৰ ৰাজ্য চৰকাৰৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণী অনুষ্ঠানটি দেওবাৰে অনুষ্ঠিত হয় ৷ সেই উপলক্ষে বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত এক সভাত বিধায়ক ৰণজিৎ কুমাৰ দাসে 20 খনকৈ নামঘৰ উন্নয়ন সমিতিক 2.50 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় ৷ ৰাজ্যৰ প্ৰায় 8,000 নামঘৰলৈ এই অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে ৷ এই তালিকাভূক্ত 440 টা নামঘৰ বৰপেটা জিলাৰ ৷
দেওবাৰে প্ৰথম পৰ্যায়ত 20 টা নামঘৰ উন্নয়ন সমিতিক চৰকাৰে প্ৰদান কৰে এই অনুদান ৷ পৰৱৰ্তী পৰ্যায়ত অৱশিষ্ট নামঘৰসমূহক এই অনুদান প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ লগতে এক লাখ ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ইতিমধ্যে 40 হাজাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰিছে বুলি ঘোষণা কৰে দাসে ৷ পৰৱৰ্তী পাঁচ অক্টোবৰত 60 হাজাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰা হোৱাৰ কথা উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে ৷ তদুপৰি আন ভিন্ন বিষয়ত সৰভোগৰ বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে ৷ ৰাজ্য় চৰকাৰৰ এনে পদক্ষেপ গ্ৰহণে এচামৰ মাজত আনন্দ সৃষ্টি কৰিলেও এচামে এয়া নিৰ্বাচনী চমক বুলিহে ক'ব খোজে ৷