কলগাছিয়া, 2 অক্টোবৰ: বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ ৷ গান্ধী জয়ন্তীৰ দিনাই কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছে ।
![Congress protest in Kalgachia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_kalgachia.jpg)
ডিফু: এই কাণ্ডৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাৰ ডিফুতো শুকুৰবাৰে জিলা কংগ্ৰেছ আৰু ভাতৃ সংগঠনসমূহে একেলগ হৈ ৰংফাৰপী ৰংবে'ৰ প্ৰতিমূৰ্তিৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰে ৷
![Congress protest in Diphu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_diphu.jpg)
ধুবুৰী: ৰাহুল গান্ধীক কৰা অপমানৰ পাচতে বৃহস্পতিবাৰে নিশা ধুবুৰীত জিলা যুৱ কংগ্ৰেছ আৰু NSUIয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে শুকুৰবাৰে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
![Congress protest in Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_dhubri.jpg)
দলগাঁও: গান্ধী জয়ন্তীৰ দিনাই দলগাঁৱৰ বেছিমাৰীত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ । উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক অপদস্থ কৰাৰ পাচতে জাঙুৰ খাই উঠে বেছিমাৰী ব্লক কংগ্ৰেছৰ কৰ্মীসকলে ৷
![Congress protest in dalgaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_dalgaon.jpg)
বৰপেটা: ইফালে বৰপেটাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ অনুমতি নাপাই জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ চেষ্টা চলায় যদিও প্ৰশাসনে উক্ত স্থানতো বাধা প্ৰদান বৰপেটা আৰক্ষীৰ ৷ চৰকাৰৰ দুৰ্নীতি-কেলেংকাৰীৰ তদন্ত চিবিআইক হাতত অৰ্পন কৰাৰ দাবী জনায় বৰপেটা কংগ্ৰেছে ৷
![Congress protest in Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_barpeta.jpg)
নলবাৰী : ৰাহুল গান্ধীৰ গ্ৰেপ্তাৰৰ পাচতে শুকুৰবাৰে নলবাৰীত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট ৷ এই কাৰ্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ দলীয় কৰ্মী সকল উপস্থিত থাকে ৷
![Congress protest in Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_nalbari.jpg)
বিশ্বনাথ: বিশ্বনাথতো ব্লক কংগ্ৰেছ সমিতি আৰু বিশ্বনাথ পৌৰ ব্লক কংগ্ৰেছৰ প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
![Congress protest in Biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_biswanath.jpg)
ৰঙিয়া: শুকুৰবাৰে ৰঙিয়াৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰে যুৱ কংগ্ৰেছে । ৰাহুল গান্ধীক আৰক্ষীয়ে বাধা প্ৰদান কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছে ।
![Congress protest in Rangia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_rangia.jpg)
ডিমা হাছাও: ডিমা হাছাওতো কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ ডিমা হাছাও জিলা কংগ্ৰেছ হাফলং জিলা উপায়ুক্তৰ চৰকাৰী আৱাসৰ সন্মুখত SI কেলেংকাৰী আৰু ৰাহুল গান্ধীক কৰা অপমানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
![Congress protest in Dima Hasao](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9022891_dimahasao.jpg)
লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন