ETV Bharat / state

বানপীড়িতৰ মাজত কংগ্ৰেছ নেতা ছলমান খান

author img

By

Published : Jul 15, 2020, 7:04 PM IST

কংগ্ৰেছ নেতা ছলমান খানৰ বৰপেটা আৰু জনীয়া সমষ্টিৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ । পকেটৰ ধনেৰে বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান । নেতাগৰাকীৰ সম্মুখত বানাক্ৰান্ত মহিলাৰ আৰ্তনাদ ৷

পকেটৰ ধনেৰে বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান
বানপীড়িতৰ মাজত কংগ্ৰেছ নেতা ছলমান খান

জনীয়া, 14 জুলাই : ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যত 59 গৰাকীয়ে প্ৰাণ হেৰুৱাৰ পৰিৱৰ্তে বানৰ ফলত আক্ৰান্ত হৈছে 33 লাখ লোক ৷ প্ৰধান নদী ব্ৰহ্মপুত্ৰকে আদি কৰি ইয়াৰ উপ-নৈসমূহৰ জলস্তৰ উফন্দি উঠাৰ ফলত পানীত বুৰ গৈছে ৰাজ্যৰ প্ৰায়ভাগ অঞ্চল ৷

বানপীড়িতৰ মাজত কংগ্ৰেছ নেতা ছলমান খান

এনেদৰে বেকী নদীয়েও সৃষ্টি কৰিছে প্ৰলয়ংকৰী বানৰ ৷ শেহতীয়াকৈ পৰিস্থিতিৰ কিছু পৰিমাণে উন্নতি ঘটিছে যদিও বৰপেটা,জনীয়া আৰু বাঘবৰ সমষ্টিৰ সহস্ৰ পৰিয়াল বৰ্তমানেও নিজ গৃহলৈ উভতি যাবলৈ সক্ষম হোৱা নাই। এনে জটিল পৰিস্থিতিৰ মাজত বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু গোটৰ অধ্যক্ষ ছলমান খানে যন্ত্ৰচালিত নাৱেৰে বৰপেটা আৰু জনীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ, কুৰুবাহা, জয়েন বাজাৰ, গলিয়া, কাচুকাটী, ডাউকমাৰী, ছনপুৰা আদি গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ।

খানে নিজৰ পকেটৰ ধনেৰে বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু প্ৰতি গৰাকী বিত্তবান ব্যক্তিক তেওঁৰ চুবুৰীয়া বানাক্ৰান্ত দৰিদ্ৰ মানুহক সহায় কৰিবলৈ আহ্বান জনায় । লগতে নেতাগৰাকীয়ে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায় । উল্লেখ্য যে,কাছুকাটি চৰত বান সাহাৰ্য বিতৰণৰ সময়ত এগৰাকী বানাক্ৰান্ত মহিলাই নেতাগৰাকীৰ সম্মুখত কান্দি তেওঁলোকৰ কৰুণ পৰিস্থিতি ব্যক্ত কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰক বানপীড়িত ৰাইজক যথাযথ সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : কৰিমগঞ্জত লক্ষাধিক মূল্যৰ ড্ৰাগছসহ আটক দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.