ETV Bharat / state

অগপত যোগদান কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসৰ - Congress leader Dr Taraprasad Das joined AGP

অগপ নেতা ফণীভূষণ চৌধুৰীৰ উপস্থিতিত বৰপেটাত অগপত যোগদান কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসে ৷ ধৰ্ম নিৰপেক্ষ আঞ্চলিকতাবাদী শক্তিৰ প্ৰতি আকৰ্ষিত হৈয়েই অগপত যোগদান কৰা বুলি মন্তব্য কৰে ডাঃ তাৰাপ্ৰসাদ দাসে ৷

congress-leader-dr-taraprasad-das-joined-agp
অগপত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসৰ
author img

By

Published : Mar 25, 2021, 8:38 PM IST

বৰপেটা,25 মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে বৃহস্পতিবাৰে অগপত যোগদান কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসে ৷ ধৰ্ম নিৰপেক্ষতাক সন্মান জনাই অগপত যোগদান কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ অগপ নেতা ফণীভূষণ চৌধুৰীৰ উপস্থিতিত বৰপেটাত অগপত যোগদান কৰিলে নেতা গৰাকীয়ে ৷

অগপত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ তাৰাপ্ৰসাদ দাসৰ

অগপত যোগদান কৰিয়েই ডাঃ তাৰাপ্ৰসাদ দাসে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি এতিয়া পূৰ্বৰ কংগ্ৰেছ নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লগতে হিন্দু হোৱা বাবেই তেওঁক সাংসদ খালেকৰ লগতে বৰপেটাৰ কংগ্ৰেছ বিধায়কসকলে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে নেতা গৰাকীয়ে ৷ আনহাতে কংগ্ৰেছৰ মাজত যেতিয়া ইছলামিক মৌলবাদ আৰম্ভ হৈছে সেই কংগ্ৰেছ কেতিয়াও নাথাকে বুলিও মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷ ইফালে কংগ্ৰেছৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে তেওঁক আঘাত দিয়া বুলি মন্তব্য কৰিছে ডাঃ তাৰাপ্ৰসাদ দাসে ৷

আনহাতে, সাংসদ আব্দুল খালেকে মুখত সত্ৰনগৰীৰ কথা কয় যদিও ভিতৰি মৌলবাদী বুলি মন্তব্য ডাঃ তাৰাপ্ৰসাদ দাসৰ ৷ ইপিনে তেওঁক টিকট নিদিবলৈ আমছুৱে কংগ্ৰেছ নেতৃত্বক হেঁচা দিয়াৰ অভিযোগ কংগ্ৰেছ নেতাগৰাকীৰ ৷ এইবাৰ উজনিত ৰাইজে খেলা দেখুৱাই দিব বুলিও মন্তব্য কৰি কংগ্ৰেছৰ এনে সাম্প্ৰদায়িক চিন্তাৰ বাবেই বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যালয় বন্ধ কৰি দিয়া বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ লগতে ধৰ্মনিৰপেক্ষ আঞ্চলিকতাবাদী শক্তিৰ প্ৰতি আকৰ্ষিত হৈয়েই অগপত যোগদান কৰা বুলি মন্তব্য কৰে ডাঃ তাৰাপ্ৰসাদ দাসে ৷

ইপিনে বৰপেটা আসনখনত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি ভাবি থকা আব্দুৰ ৰহিম আহমেদক প্ৰত্যাহ্বান ডাঃ তাৰাপ্ৰসাদ দাসৰ ৷ বৰপেটাত প্ৰতিদ্বন্দ্বী আছেনে নাই সেয়া দেখুৱাই দিয়া হ'ব বুলি মন্তব্য কৰি বৰপেটাত এইবাৰ খেলা হ'ব বুলি কলে ডাঃ তাৰাপ্ৰসাদ দাসে ৷ ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডাঃ তাৰাপ্ৰসাদ দাসৰ যোগদানে অগপক অধিক শক্তিশালী কৰাৰ লগতে বৰপেটা, সৰুক্ষেত্ৰী আৰু চেঙাত ইয়াৰ প্ৰভাৱ পৰিব বুলি দাবী কৰে অগপ বিধায়ক তথা বৰপেটাৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসে ৷

লগতে পঢ়কঃ অন্তিম দিনৰ প্ৰচাৰত ব্যস্ত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.