ETV Bharat / state

Sherman Ali Controversy: শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Feb 7, 2022, 8:03 PM IST

শ্বেৰমান আলিৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল কংগ্ৰেছ ৷ বৰপেটা সত্ৰৰ ভূমি বে়দখনমুক্তৰ প্ৰসংগত বিধায়ক শ্বেৰমান আলিয়ে দিয়া মন্তব্যৰ বিৰোধীতা কৰাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী জনালে কংগ্ৰেছে (Congress demands legal action against Sherman Ali Ahmed)৷

Sherman Ali Controversy
শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

বৰপেটা, ৭ ফেব্ৰুৱাৰী: অৱশেষত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বক্তব্য(Sherman Ali Controversy)ক লৈ বৰপেটা জিলা কংগ্ৰেছৰ সংবাদমেল ৷ বাঘবৰত বৰপেটা সত্ৰৰ ভূমি উচ্ছেদৰ বিৰোধিতা কৰা আৰু উচটনিমূলক বক্তব্য প্ৰদান কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বক্তব্যৰ বিৰোধিতা জিলা কংগ্ৰেছৰ ৷

বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে শীঘ্ৰে আইনসংগত ব্যৱস্থা গ্ৰহনৰ দাবী বৰপেটা জিলা কংগ্ৰেছৰ (Congress demands legal action against Sherman Ali Ahmed) ৷ বৰপেটা ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে সংবাদমেল সম্বোধন কৰি কলে- ‘‘বিধায়ক পদটোহে সন্মানীয়; কিন্তু মই বাঘবৰৰ বিধায়ক ব্যক্তিজনক সন্মানীয় বুলি কবলৈ বিচৰা নাই ৷ সত্ৰক অপমান আৰু অসন্মান কৰাতো এজন মুছলমান হিচাপে আঘাত পাইছো ৷’’ এই কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে গৰিহনা জনলে বৰপেটা জিলা কংগ্ৰেছে ৷ সত্ৰৰ মাটি ৰক্ষণাবেক্ষণ দিয়াতো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি কৈ তাৰ বিপৰীতে সত্ৰৰ খুটি লঠিয়াই অপমান কৰা কাৰ্যক জিলা কংগ্ৰেছে মানি নলয় বুলিও কয় আব্দুৰ ৰহিম খানে ৷

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

‘‘সত্ৰক অপমান কৰিবলৈ শ্বেৰমান আলী আহমেদক কংগ্ৰেছে বিধায়ক নিৰ্বাচিত কৰা নাই ৷ সত্ৰক কৰা অপমানৰ বাবে শ্বেৰমান আলী আহমেদক মুছলমানৰ কলংক ৷’’ এনে ধৰণৰ বক্তব্যৰ লগতে শ্বেৰমান আলী আহমেদে মুছলমানৰ প্ৰবক্তা আৰু ত্ৰাণকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰহিম খানে ৷

লগতে পঢ়ক: এইবাৰ বিহু কমিটীসমূহক বিহু উদযাপন বাবে চৰকাৰে দিব বৰঙণি: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.