বৰপেটাৰোড,4 ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ পৰিষদৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলবোৰে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে 20 নং মথনগুৰি পৰিষদীয় সমষ্টিত কংগ্ৰেছ সমৰ্থিত এআইইউডিএফৰ প্ৰাৰ্থী ফাৰহাদ আলীৰ হৈ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলায় দুয়োটা দলৰ ৰাজ্যিক নেতৃত্বই ।
নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বৰপেটা বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা আব্দুল ৰহিম খানে বিপিএফ, বিজেপি আৰু ইউপিপিএল দলক কঠোৰভাৱে সমালোচনা কৰি কয় য়ে, ‘‘হাগ্ৰামা- হিমন্তৰ মাজত চলি থকা বাকযুদ্ধ এখন নাটকহে । দিল্লীয়ে বিজেপি-বিপিএফৰ মিত্ৰতা ভংগ কৰা নাই । বিজেপিয়ে এহাতে বিপিএফ আৰু আনহাতে ইউপিপিএলক ৰাখি জনতাক বুৰ্বক বনাব বিচাৰিছে । ভিতৰি তেওঁলোকৰ সকলো মিত্ৰতা চলি আছে । আমি ডবল ডিজিত পাম । বাকী সকলো দলে ছিংগল ডিজিত লাভ কৰিব’’ ।
লগতে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত কয় যে, ‘‘কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটে বিটিচিৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । মিত্ৰজোঁটে দহখনৰো অধিক আসন লাভ কৰিব বুলি আমি আশাবাদী’’ ।
লগতে পঢ়ক : বৰাকৰ খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ আধাৰশিলা স্থাপন বনমন্ত্ৰীৰ