ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতাৰ দলত্যাগ - নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছীৰ দল ত্যাগ

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা বৰপেটা জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি ধীৰাজ দেউৰীৰ কংগ্ৰেছৰ পৰা পদত্যাগ ।

নিৰ্বাচনৰ পূৰ্বে বৰপেটাত কংগ্ৰেছীৰ দল ত্যাগ

author img

By

Published : Mar 27, 2021, 10:28 AM IST

বৰপেটা,27 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বৰপেটাত কংগ্ৰেছত খহনীয়া আৰম্ভ । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা বৰপেটা জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি ধীৰাজ দেউৰীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে । ইতিমধ্যে দেউৰীয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ অধীক্ষকৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিছে । দলত্যাগ কৰি দেউৰীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে । বৰ্তমান দলটো অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন কোম্পানীত পৰিণত হৈছে বুলি বৰপেটাত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দেউৰীয়ে ।

ইয়াৰোপৰি, পঞ্চায়ত, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থিত্বৰ টিকট টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শ ধ্বংস কৰিছে । হিন্দু বা অসমীয়াৰ কংগ্ৰেছত স্থান নাই, অসম কংগ্ৰেছ বৰ্তমান সাম্প্ৰতিক দল ।

এসময়ত আমি বিজেপিক সাম্প্ৰতিক দল বুলি কৈছিলো যদিও বৰপেটা জিলাৰ দুটাকৈ সমষ্টিত দুজনকৈ মুছলমানক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি কয় দেউৰীয়ে । ইফালে, সাংসদ আব্দুল খালেকৰ শেহতীয়া মন্তব্যত দেউৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যদি সঁচাকৈয়ে সাংসদ খালেকে অ-মুছলমান বুলি কৈ মন্তব্য কৰিছে তেন্তে সেই মন্তব্য গৰিহণাৰ যোগ্য । লগতে বৰপেটা জিলাত শেহতীয়াকৈ ভাৰপ্ৰাপ্ত সভাপতি নিয়োগকলৈও মন্তব্য কৰে দেউৰীয়ে । তদুপৰি দলীয় টিকট প্ৰদান নকৰাত কোনো ক্ষোভ নাই বুলি মন্তব্য কৰে ধীৰাজ দেউৰীয়ে । সম্প্ৰতি কোনো দলত যোগদান কৰিব নে নাই সেই সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও ইতিপূৰ্বে দেউৰীয়ে কোনো ৰাজনৈতিক দলত যোগদান কৰাতো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: মঙলদৈত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.