বৰপেটা, ৬ ফেব্ৰুৱাৰী: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো কংগ্ৰেছ কৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । শনিবাৰে বৰপেটা নগৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত বৰপেটা চহৰৰ পেট্ৰল পাম্পৰ সমীপত কংগ্ৰেছ কৰ্মীসকলে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী । আৰ পি শৰ্মা, মীৰা বৰঠাকুৰ, তাৰাপ্ৰসাদ দাস, দীপ বায়নকে আদি কৰি কেবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই এই অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰে ।
প্ৰতিবাদস্থলীত আৰ পি শৰ্মাই এই চৰকাৰক ওফৰাই পেলাব নোৱাৰিলে অসমৰ জাতি মাটি ভেটি সকলো উচন যাব বুলি মন্তব্য কৰে । আনহাতে পেট্ৰ'লজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস হ'ব বুলি মন্ত্ৰী ড0 হিমন্তবিশ্ব শৰ্মাই কৰা ঘোষণাক চল চাই কঠীয়া পৰা বুলি মন্তব্য মীৰা বৰঠাকুৰে । প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপ বায়নে মূল্যবৃদ্ধিৰে কোঙা কৰি তোলা বিজেপি চৰকাৰখনক এইবাৰ নিৰ্বাচনত ওফৰাই পেলাবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল, ডিজেল আদিৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । মূল্যবৃদ্ধি ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ । মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিদিনে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব নাই চৰকাৰখনৰ । শুকুৰবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত শনিবাৰে কংগ্ৰেছ কৰ্মীসকলে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ