পাঠশালা,3 মে': দেওবাৰে ঘোষণা কৰা হ’ল অসম বিধানসভা নিৰ্বাচনৰ বহু প্ৰত্যাশিত ফলাফল ৷ ফলাফল অনুসৰি সৰ্বাধিক 75 খন আসন দখলেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ৰমাগত দ্বিতীয়টো শাসনৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হ’ল বিজেপি মিত্ৰজোঁট ৷ 126 টা সমষ্টিৰ অধিকাংশ সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে আধিপত্য বজাই ৰাখিবলৈ সক্ষম হ’ল ৷ সমষ্টি সলনি কৰাৰ পিছতো পাটাছাৰকুছিৰ আসনখন দখল কৰিবলৈ সক্ষম হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিপুল সংখ্যক ভোটেৰে জয়লাভ কৰাৰ পিছত সোমবাৰে ৰণজিৎ কুমাৰ দাস উপস্থিত হয় টিহু মণ্ডল সমিতিৰ দলীয় কাৰ্যালয়ত ৷
ইয়াৰ পাচতে, চৰকাৰ গঠন প্ৰক্ৰিয়াৰ সন্দৰ্ভত দাসে মন্তব্য প্ৰকাশ কৰি কয় যে, চৰকাৰ গঠনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে ৷ এই সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সৈতে টেলিফোনিক বার্তালাপ কৰা হৈছে । দুই-তিনিদিনৰ ভিতৰতে সংসদীয় ব’ৰ্ডৰ সিদ্ধান্তৰ আধাৰত এগৰাকী তত্বাৱধায়ক নিযুক্ত হ'ব ৷ এই তত্বাৱধায়কে কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি চৰকাৰ গঠন কৰাত সহায় কৰিব বুলি সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ।
ইফালে, মুখ্যমন্ত্ৰী আৰু বিধায়িনী দলৰ নেতা কোন হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সকলো সিদ্ধান্ত সংসদীয় ব’ৰ্ডে গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৰণজিৎ কুমাৰ দাসে । কংগ্ৰেছ দলটো কেৱল ৰিপুণ বৰাৰ বাবে পৰাজিত হোৱা নাই বুলিও কংগ্ৰেছক কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷
অন্য এক খবৰৰ বাবে: হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত