বৰপেটা, ৪ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইৰ অধীনত বৰপেটাত শনিবাৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে 19 অনুৰ্ধ্ব কোচবিহাৰ ট্ৰফী ৷ বিচিচিআইৰ অধীনত বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা টেষ্ট খেলখনত ত্ৰিপুৰাৰ বিপক্ষে অৱতীৰ্ণ হয় ঘৰুৱা দল অসম ৷ মেচখনত টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰি অসমে বিপৰ্যয়ৰ সন্মুখীন হৈ আটাইকেইটা উইকেট হেৰুৱাই 156 ৰান সংগ্ৰহ কৰে ৷ অসমৰ হৈ সৰ্বাধিক 73 ৰান নাছিৰ উল্লাই কৰাৰ বিপৰীতে মহম্মদ কাঈফে 65 ৰানৰ বৰঙণি দিয়ে ৷
আনহাতে ত্ৰিপুৰাৰ হৈ বলিং কৰি সুকুমাৰ হুছেইনে হেটট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ প্ৰথম ইনিংছৰ সমাপ্তিলৈ সুকুমাৰ হুছেইনে 5 টা, অমৃত আলিয়ে 4 টা আৰু শ্ৰীদাম পলে 1 টা উইকেট দখল কৰে ৷
ইপিনে প্ৰথম ইনিংছৰ শেষত ত্ৰিপুৰা দলে 4 টা উইকেট হেৰুৱাই দিনটোৰ খেল সমাপ্তিলৈকে 15 অভাৰ খেলি 52 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ খেলৰ প্ৰথম দিনৰ সমাপ্তিত অমৃত আলিয়ে 12 আৰু ৰোহিত ঘোষে 5 ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ অসমৰ হৈ দশৰথ কুমাৰে 3 টা আৰু ঋতুৰাজ বিশ্বাসে 1 টা উইকেট দখল কৰে ৷
লগতে চাওক- 2020ৰ প্ৰথমখন T20: ভাৰত বনাম শ্ৰীলংকা