ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক অনুষ্ঠিত - sarbananda sonowal

অসম আৰু উত্তৰ পূৰ্ৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি লৈ নিটি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ বান,খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ভিত্তিত গঠন কৰা হ'ব কমিটী

মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক অনুষ্ঠিত
author img

By

Published : Jul 15, 2019, 11:03 PM IST

বৰপেটা,15 জুলাইঃ সোমবাৰে বৰপেটাৰ সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলা উপায়ুক্তৰ লগতে ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্ত ৰাইজক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদানৰ লগতে উপযুক্ত চিকিৎসা,খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে তেওঁক ফোন কৰি ৰাজ্যৰ ক্ষয় ক্ষতিৰ সবিশেষ বুজ লোৱা বুলি প্ৰকাশ কৰে ৷ ইয়াৰোপৰি অসম আৰু উত্তৰ পূৰ্ৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি লৈ নিটি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ বান,খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ভিত্তিত এখন কমিটী গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ সৈতে আজি ৰাজহ মন্ত্ৰী ভবেশ কলিতা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,সাংসদ তপন গগৈয়ো বৰপেটাৰ সৰ্থেবাৰীৰ পৰ্যালোচনা বৈঠকত উপস্থিত থাকে ৷

বৰপেটাত মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক অনুষ্ঠিত

Intro:

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৰপেটাত বান পৰিস্থিতিৰ পৰ্যালোচনা ৷

বৰপেটাৰ সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰপেটা জিলা উপায়ুক্তৰ লগতে ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷

Body:উপযুক্ত বান সাহাৰ্য, স্বাস্থ পৰীক্ষাৰ দিহা কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ
মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ ৷

ক্ষতিগ্ৰস্থ ৰাইজক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদানৰ লগতে উপযুক্ত চিকিৎসা খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ যোগান দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যন্ত্ৰীক ফোন কৰি ৰাজ্যৰ ক্ষয় ক্ষতিৰ সবিশেষ বুজ লোৱা বুলি প্ৰকাশ কৰে ৷

প্ৰধানমন্ত্ৰীয়ে সকলো ধৰনৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷

আনহাতে বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা সম্পৰ্কতো মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে বান আৰু খহনীয়া সমস্যাক অগ্ৰাধিকাৰ দিয়া বুলি উল্লেখ কৰি পূৰ্বতে এই সমস্যা সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে আলোচনাত মিলিত হোৱা বুলিও উল্লেখ কৰে ৷

অসম আৰু উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি লৈ নিটী আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ বান, খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় ভিত্তিত এখন কমিটী গঠন কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীৰ সৈতে আজি ৰাজহ মন্ত্ৰী ভবেশ কলিতা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সাংসদ তপন গগৈয়ো বৰপেটাৰ সৰ্থেবাৰীৰ পৰ্যালোচনা বৈঠকত উপস্থিত থাকে ৷

পৰ্যালোচনা বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰ সৈতেও মিলিত হৈ জিলাখনৰ ক্ষয় ক্ষতি আৰু বিভাগীয়ভাৱে গ্ৰহন কৰা ব্যৱস্থা সম্পৰ্কে বুজ লয় ৷ Conclusion:বাইট: মুখ্যমন্ত্ৰী

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.