ETV Bharat / state

আলফাৰে আলোচনাৰ বাবে আগবাঢ়িছে চৰকাৰঃ মুখ্যমন্ত্ৰী - কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত 2 ফেব্ৰুৱাৰীৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ সোমবাৰে অনুষ্ঠিত হোৱা ধৰ্মালোচনা সভাত অংশগ্ৰহণ কৰি ৰাজ্যত এক সুস্থিৰ শিক্ষাৰ পৰিবেশ গঢ় দিয়াৰ বাবে সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ বাবে ধৰ্মৰ আশ্ৰয় লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

cm sarbananda sonowan at nasatra krishnaguru sewasram
ৰাজ্যত সুস্থিৰ শৈক্ষিক পৰিবেশ বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
author img

By

Published : Feb 3, 2020, 11:26 PM IST

বৰপেটা , ৩ ফেব্ৰুৱাৰীঃ বিশ্ব শান্তিৰ বাবে বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত 2 ফেব্ৰুৱাৰীৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ সোমবাৰে অনুষ্ঠিত হোৱা ধৰ্মালোচনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, আলফাৰ লগত শান্তি আলোচনাৰ বাবে চৰকাৰ আগবাঢ়িছে । শান্তি আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে সংবাদ মাধ্যমযোগে আলফাৰ সেনাধ্যক্ষজনক আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । দেশ সেৱা আৰু জাতি সেৱাই সকলো সংগঠনৰ মুখ্য উদ্দেশ্য বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যত সুস্থিৰ শৈক্ষিক পৰিবেশ বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

শৈক্ষিক পৰিবেশ অটুট ৰখাৰ স্বাৰ্থত সকলো শিক্ষক আৰু অভিভাৱক সচেষ্ট হোৱা উচিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । মুখ্যমন্ত্ৰী গৰাকীয়ে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত সকলোকে ভক্তিৰ আশ্ৰয় ল'বলৈও আহ্বান জনায় । শনিবাৰে অনুষ্ঠিত হোৱা সভাখনত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী, প্ৰভু প্ৰেমানন্দ গোস্বামী, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিজেপি নেতা ৰূপম গোস্বামী, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ তৰুণ চন্দ্ৰ বৰা উপস্থিত থাকে ।

লগতে পঢ়কঃমেহমুদ মাডানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

Intro:
বৰপেটা ৩ ফেব্ৰুৱাৰী : বিশ্ব শান্তিৰ বাবে বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত 2ফেব্ৰুৱাৰীৰ পৰা 7দিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ আজি অনুষ্ঠিত ধৰ্মালোচনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। Body:সোণোৱালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে আলফাৰ লগত
শান্তি আলোচনাৰ বাবে চৰকাৰ আগবাঢ়িছে । পৰেশ বৰুৱাক শান্তিৰ বাবে ওলাই আহিবলৈও আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সকলো দল -সংগঠনৰ উদ্দেশ্য এটাই দেশ সেৱা , জাতিৰ সেৱা। শৈক্ষিক পৰিবেশ অটুট ৰাখিবলৈ সকলো শিক্ষক আৰু অভিভাৱক সচেষ্ট হ'ব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । শান্তিৰ সন্ধানত মানুহে ভক্তিৰ আশ্ৰয় ল'ব লাগিব বুলিও আধ্যাত্মিক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ । সভাখনত কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী,প্ৰভু প্ৰেমানন্দ গোস্বামী ,লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিজেপি নেতা ৰূপম গোস্বামী, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ তৰুণ চন্দ্ৰ বৰা উপস্থিত থাকে ।

Conclusion:বাইট: সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.