ETV Bharat / state

কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড একনাম কীৰ্তনৰ সভাত মুখ্যমন্ত্ৰী

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন । মুখ্যমন্ত্ৰীগৰাকীয়ে নসত্ৰৰ প্ৰায় অৰ্ধ লক্ষাধিক কৃষ্ণগুৰু ভকতৰ উপস্থিতিত সন্মানীয় অতিথি হিচাপে ভাষণ দিয়ে ৷

author img

By

Published : Feb 23, 2021, 9:45 PM IST

CM Sarbananda Sonowal attends Eknaan Akhanda Kirtan at Na-Xatra
কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড একনাম কীৰ্তনৰ সভাত মুখ্যমন্ত্ৰী

বৰপেটা, 23 ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ নসত্ৰস্থিত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ ধৰ্মীয় সভাত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । উল্লেখ্য যে, নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন । মুখ্যমন্ত্ৰীগৰাকীয়ে নসত্ৰৰ প্ৰায় অৰ্ধ লক্ষাধিক কৃষ্ণগুৰু ভকতৰ উপস্থিতিত সন্মানীয় অতিথি হিচাপে ভাষণ দিয়ে ৷ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ লগতে ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ উপস্থিতিত কৃষ্ণগুৰুৰ একান্ত ভকত সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত নিজক প্ৰতিষ্ঠিত কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে নিৰ্মল হৃদয়েৰে ভক্তি কৰি শক্তি আহৰণ কৰিব লাগিব বুলি উল্লেখ কৰে । তেওঁ লগতে জীৱনত শান্তি আৰু শক্তি আহৰণ কৰিবলৈ কৃষ্ণগুৰু প্ৰভুৰ ওচৰত নিজকে সমৰ্পণ কৰিব লাগিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : নাৰী শক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.