ETV Bharat / state

Clashes between two groups: তিয়ঁহ চুৰিক লৈ কলগাছিয়াত মাৰপিটৰ ঘটনা, আহত ১২ গৰাকী লোক

কলগাছিয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা (Clashes between two groups) ৷ মাৰপিটত দুটা পৰিয়ালৰ ১২ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত ৷

author img

By

Published : Aug 10, 2022, 6:56 PM IST

clashes-between-two-groups-at-kalgachia-in-barpeta
তিয়ঁহ চুৰিকলৈ কলগাছিয়াত মাৰপিটৰ ঘটনা

জনিয়া, 10 আগষ্ট: আপুনি শুনি আচৰিত হ’ব যে, তিয়ঁহ চুৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ পৰিস্থিতি ইমান ভয়ংকৰ হৈ পৰে যে তিয়ঁহ চুৰিক কেন্দ্ৰ কৰি হোৱা ৰণত দুখন ঘৰৰ 12 গৰাকীকৈ লোক হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ৷ ঘটনাটো বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) অন্তৰ্গত আমগুৰি গাঁৱৰ ৷ বুধবাৰে সংঘটিত এই মাৰপিটৰ ঘটনাই এতিয়া অঞ্চলটোৰ সকলোৰে বাবে হৈ পৰিছে এক আলোচিত বিষয় ৷

আমগুৰি গাঁৱৰ মফিদুল ইছলাম আৰু হানিফ অলীৰ পৰিয়ালৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় (Clashes between two groups at Kalgachia) । জানিব পৰা মতে, মফিদুল ইছলামৰ ১২ বছৰীয়া পুত্ৰক তিয়ঁহ চুৰিৰ সন্দেহত হানিফ আলীৰ ঘৰলৈ মাতি নিয়ে ৷ ইয়াৰ পাছতে মফিদুল ইছলামৰ পৰিয়ালে এই কথা জানিব পাৰি সপৰিয়ালে হানিফ অলীৰ ঘৰত উপস্থিত হয়গৈ ৷

তিয়ঁহ চুৰিকলৈ কলগাছিয়াত মাৰপিটৰ ঘটনা

প্ৰথমে দুই ফৈদৰ মাজত কথাৰ কটা-কটি চলে ৷ কিছু সময়ৰ পিছতে এই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি মাৰপিটলৈ ৰূপান্তৰিত হয় । ফলত দুয়োটা পৰিয়ালৰ 12 গৰাকীকৈ লোক আহত হয় (Many persons beaten up at Kalgachia) । পৰৱৰ্তী সময়ত দুয়োটা পৰিয়ালৰ আহত লোকসকলক বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়ালৈ (Barpeta Civil Hospital) প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে দুয়োটা পৰিয়ালে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

এতিয়া আৰক্ষীৰ তদন্তত ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷ সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

লগতে পঢ়ক: Narcotic Substances seized: মেৰাপানী সীমান্তত নিচাযুক্ত টেবলেটসহ ব্যৱসায়ীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.