ETV Bharat / state

SI কেলংকাৰীৰ সন্দৰ্ভত বৰপেটাত CIDৰ অভিযান - অভিযুক্ত ৰে'লৱে বিভাগৰ কৰ্মচাৰী

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী বৰপেটা উপস্থিত চি আই ডিৰ দল ৷

cid team operation at barpeta about si scam
SI কেলংকাৰীৰ সন্দৰ্ভত বৰপেটাত CIDৰ অভিযান
author img

By

Published : Oct 16, 2020, 5:50 PM IST

বৰপেটা ১৬ অক্টোৱৰ: আৰক্ষীৰ উপ- পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰে'লৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসক বৰপেটা থানাত মাৰাথন জেৰা চি আই ডিৰ ৷ সোধ-পোছৰ বাবে দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনকো আটক বৰপেটা আৰক্ষীৰ ৷ চি আই ডিৰ নিৰ্দেশ মৰ্মে বৰপেটা আৰক্ষীয়ে গান্ধী নগৰৰ নিজ বাসগৃহৰ পৰা আটক দেৱৰাজ দাসৰ পত্নীক ৷

SI কেলংকাৰীৰ সন্দৰ্ভত বৰপেটাত CIDৰ অভিযান

দেৱৰাজ দাসৰ পত্নীৰ নামত বেংকত জমা থকা বুজন পৰিমাণৰ ধন সোণ সন্দৰ্ভত চি আই ডিৰ তদন্ত আৰম্ভ কৰিছে ৷ বৰপেটা চহৰৰ বৰোডা বেংকত থকা তুলিকা বৰ্মণৰ লকাৰত উদ্ধাৰ কৰা হৈছে প্ৰায় এক কিলোগ্ৰাম সোণ ৷ জানিবপৰা মতে লকাৰৰ পৰা চি আইডিয়ে উদ্ধাৰ কৰা মুঠ সোণৰ পৰিমাণ ৯২০ গ্ৰাম ৷ উদ্ধাৰ হোৱা সোণ খিনিৰ আনুমানিক মূল্য প্ৰায় ৪৬ লাখ টকা ৷ আনহাতে বেংকৰ লকাৰত জব্দ প্ৰায় ৪৭ লাখ টকা

ইপিনে চিআইডিৰ দলে জেৰা অব্যাহত ৰখা দেৱৰাজ দাসক অধিক তদন্তৰ বাবে আজি চি আই ডিয়ে নিজৰ জিম্মাত গ্ৰহণ কৰিব ৷ বৰোডা বেংকৰ লগতে আন আন বেংকতো আছে দেৱৰাজৰ পত্নী তুলিকা দাসৰ একাউন্ট ৷ বৰপেটাৰ আটাইকেইটা বেংকতে চিআইডিৰ অভিযান চলাৰ সম্ভাৱনা

লগতে পঢ়কঃ সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.