ETV Bharat / state

অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াক লৈ চি আই ডিৰ তদন্ত

author img

By

Published : May 26, 2022, 9:17 PM IST

অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াক (Assam Police constable Recruitment ) লৈ চি আই ডিৰ তদন্ত আৰম্ভ (CID team in Barpeta) ৷ বৰপেটাত কেইবাখনো কম্পিউটাৰ চেন্টাৰত চি আই ডিৰ অভিযান ৷

cid team in Barpeta to investigation of Assam Police constable Recruitment scam
অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াক লৈ চি আই ডি'ৰ তদন্ত

বৰপেটা, 26 মে’: বৰপেটা, 26 মে’: অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াক (Assam Police constable Recruitment ) লৈ ৰাজ্যজুৰি সম্প্ৰতি তীব্ৰ প্ৰতিবাদৰ লগতে চৰ্চা হোৱা দেখা গৈছে । জালিয়াতিৰে কনিষ্টবলৰ পদত একাংশই নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে এই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰা হৈছে ৷ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত জালিয়াতিৰ বিৰুদ্ধে চি আই ডিয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

সেই বৰপেটাত কেইবাখনো কম্পিউটাৰ চেন্টাৰত চি আই ডি' দলে চলাইছে অভিযান (CID team in Barpeta) ৷ বৃহস্পতিবাৰে চি আই ডি'ৰ এটা দল বৰপেটাৰ কলেজ চ'ক, মুছলিমপট্টি, সোণকুছি কল'নী আদিৰ কেইবাটাও কম্পিউটাৰ ট্ৰেইনিং চেন্টাৰত উপস্থিত হৈ অসম আৰক্ষীত নিয়োগৰ বাবে নিৰ্বাচিত বহু চাকৰি প্ৰাৰ্থীৰ নথি-পত্ৰ পুনৰীক্ষণ কৰে ৷

উল্লেখ্য যে, অলপতে অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে নিৰ্বাচিত প্ৰায় ছশ চাকৰি প্ৰাৰ্থীৰ নাম উইথ'ল্ড কৰি ৰাখিছে গৃহ বিভাগে ৷ এইসম্পৰ্কে চি আই ডি'ক তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ পিচতে আজি চি আই ডি'ৰ দল বৰপেটাত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষণৰ কাম আৰম্ভ কৰে ৷

বিগত 12 মে’ত অসম আৰক্ষীৰ কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হৈছিল । তাৰ পিছদিনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ প্ৰার্থী । 9171 টা পদৰ বাবে আৰক্ষীৰ কনিষ্টবলৰ এই পৰীক্ষাত 6662 গৰাকী উত্তীৰ্ণ হৈছিল ।

ইয়াৰ লগে লগে 6662 গৰাকী উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত 414 গৰাকী প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰা হৈছিল ৷ এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বৃহস্পতিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সদৰি কৰিছিল (Fake documents for Assam police constable post) । তাৰ পাছতেই এই সন্দৰ্ভত চি আই ডি’য়ে তদন্ত আৰম্ভ কৰে ৷

লগতে পঢ়ক : Yasin Malik in Tihar : তিহাৰৰ 7 নং কাৰাগাৰত অকলশৰে থাকিব য়াছিন মালিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.