ETV Bharat / state

বিয়াৰ ৰভা তলিৰ পৰা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী - বৰপেটা আদালত

বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী । দিন বেয়া আছিল দৰাৰ । ৰভাতলীৰ পৰা আৰক্ষী চকী পালে দৰা । সাজি-কাঁচি দৰা উপস্থিত হৈছিল কইনাৰ ঘৰত ।

বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী

author img

By

Published : Jul 8, 2021, 6:28 PM IST

বৰপেটা ৮ জুলাই : ক’ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যত চলি আছে বাল্য বিবাহ । বাল্য বিবাহ অনুষ্ঠিত কৰি এইবাৰ কাজী আৰু দৰাসহ ৰঙা ঘৰৰ আলহী হ'ল ৯ গৰাকী লোক । বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ছটলাত সংঘটিত হৈছে এই ঘটনা । দশম শ্ৰেণীত পঢ়ি থকা ১৫ বছৰীয়া এগৰাকী কিশোৰীক বিয়া পাতিবলৈ আহি আৰক্ষীৰ জালত পৰে কইনাৰ আত্মীয়সহ বৰযাত্ৰী ।

বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী । দিন বেয়া আছিল দৰাৰ । ৰভাতলীৰ পৰা আৰক্ষী চকী পালে দৰা । সাজি-কাঁচি দৰা উপস্থিত হৈছিল কইনাৰ ঘৰত ।

বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী
বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী

ইফালে কইনাৰ ঘৰত চলিছে অতিথিক আপ্যায়ন । বুধবাৰে দিনৰ ভাগতেই কইনাঘৰৰ ৰভাতলীত উপস্থিত হৈছিল দৰাসহ বৰযাত্ৰীৰ এটি দল । দৰা আছিল বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত পূব ধূলাবৰী গাঁৱৰ কদম আলী (২৫) । দৰা উপস্থিত হোৱাৰ পিছতেই ৰভাতলীত উপস্থিত হ'ল এটি আৰক্ষীৰ দল । আৰক্ষী উপস্থিত হোৱাৰ লগে লগেই হাহাকাৰ লাগিল ৰভাতলীত ।

মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে কইনাৰ ঘৰত উপস্থিত হৈ আটক কৰিছে কইনাৰ আত্মীয়, দৰা, কাজী, দৰাৰ অভিভাৱক, মাতব্বৰকে ধৰি ৯ গৰাকী লোকক । আটক হোৱা লোক কেইগৰাকী ক্ৰমে নবুৰ উদ্দিন, কাজী জচিম উদ্দিন, দৰা কদম আলী,জিন্নত আলী, হবিবৰ ৰহমান, গহেৰ চান্দ, আব্দুল্লা আলী, চৰিফ আলী আৰু নস্কৰ আলী ।

আচলতে যিগৰাকী কইনাক বিয়া কৰাবলৈ কদম আলী সাজি-কাচি আহিছিল, সেই কইনা গৰাকী আছিল নাবালিকা ৷ ঘটনা সন্দৰ্ভত ৰফিকুল ইছলাম নামৰ এগৰাকী শিশু সুৰক্ষা কৰ্মীয়ে বাল্য বিবাহৰ বিৰুদ্ধে মাজদিয়া আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে লোক কেইজনক ৷

ইতিমধ্যে ব্যক্তিকেইগৰাকীক মাজদিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে । আনহাতে কিশোৰীগৰাকীক মাজদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰি বৃহস্পতিবাৰে বৰপেটা শিশু সুৰক্ষা সমিতিত উপস্থিত কৰায় । কৰ’ণাসৃষ্ট পৰিবেশৰ মাজত এনদৰে মুকলিকৈ বাল্য বিবাহ অনুষ্ঠিত কৰাত সচেতন লোকৰ চকু কপালত উঠিছে । কিশোৰী কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ আহি এইদৰে দৰা হ’ব লগা হ'ল ৰঙা ঘৰৰ আলহী ।

লগতে পঢ়ক : জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.