ETV Bharat / state

বৰপেটাত সৰ্বশিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

author img

By

Published : Feb 3, 2020, 10:36 PM IST

ধোঁৱা চাঙত সৰ্বশিক্ষা অভিযান আইন । বৰপেটাৰ জনীয়া এ আই বি ইটা উদ্যোগত কৰ্মৰত শিশু শ্ৰমিক । ইটাৰ ভাটাত কাম কৰা কাৰ্যই উদঙাইছে শিক্ষা অভিযান আইনৰ ফোঁপোলা স্বৰূপ ৷

Child Labour incedent at barpeta
বৰপেটাত সৰ্ব শিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

জনীয়া, 3 ফেব্ৰুৱাৰী : বৰপেটাৰ জনীয়া এ আই বি ইটা উদ্যোগত কৰ্মৰত হৈ আছে বহুকেইজন শিশু শ্ৰমিক ৷ চৰকাৰে সৰ্ব শিক্ষা অভিযানৰ জৰিয়তে ৪ বছৰৰ পৰা ১৮ বছৰলৈ শিক্ষা বাধ্যতামূলক আৰু ইয়াক আইনত পৰিণত কৰাৰ সময়তে বৰপেটাত দেখা গৈছে বহু শিশু শ্ৰমিক । বৰপেটা জিলাৰ জনীয়াস্থিত এ আই বি ইটা উদ্যোগত বহু সংখ্যক শিশু শ্ৰমিকে ইটাৰ ভাটাত কাম কৰা কাৰ্যই সমগ্ৰ শিক্ষা অভিযান আইনৰ ফোঁপোলা স্বৰূপ উদঙাইছে । জনীয়াৰ ইটা উদ্যোগত শিশু শ্ৰমিক নিয়োগ হৈ থকাটো বৰপেটা জিলা প্ৰশাসনৰ দুৰ্বলতা আৰু দুৰ্ভাগ্যজনক বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে । এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৰহস্য থকাটোহে প্ৰমাণ কৰিব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে । আনহাতে চাইল্ড লাইনৰ বৰপেটা জিলাৰ সঞ্চালক আব্দুল মালিকে সমগ্ৰ ঘটনা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।

বৰপেটাত সৰ্ব শিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

আৰু পঢ়ক : কলগাছিয়াত পথ দুৰ্ঘটনাঃ নিহত 1

Intro:slug: as_jania_3feb_child_labour_vis2+byt4+pho1_excl_spl_pkg_story_asc10058

Anchor: ধোঁৱা চাঙত সৰ্ব শিক্ষা অভিযান আইন। বৰপেটাৰ জনীয়া এ আই বি ইটা উদ্যোগত কৰ্মৰত শিশু শ্ৰমিক। ভ্ৰূক্ষেপ চাইল্ড লাইনৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ। চাওক ই টিভি ভাৰতৰ Exclusive দৃশ্য -Body:slug: as_jania_3feb_child_labour_vis2+byt4+pho1_excl_spl_pkg_story_asc10058

VO: যি সময়ত চৰকাৰে সৰ্ব শিক্ষা অভিযানৰ জৰিয়তে ৬ বছৰৰ পৰা ১৪ বছৰলৈ প্ৰতি গৰাকী শিশুৰ শিক্ষা বাধ্যতামূলক আৰু ইয়াক আইনত পৰিণত কৰিছে। আকৌ নতুনকৈ সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে ৪ বছৰৰ পৰা ১৮ বছৰলৈ শিক্ষা বাধ্যতামূলক আৰু ইয়াক আইনত পৰিণত কৰা হৈছে। তেনে সময়তে নীতি বহিঃভূত ভাৱে বৰপেটা জিলাৰ জনীয়াস্থিত এ আই বি ইটা উদ্যোগত বহু সংখ্যক শিশু শ্ৰমিকে ইটাৰ ভাটাত কাম কৰা কাৰ্যই সমগ্ৰ শিক্ষা অভিযান আইনৰ ফোপোলা স্বৰূপ উদঙাইছে। একাংশ সচেতন ৰাইজৰ মতে বৰপেটা জিলা প্ৰশাসনৰ একেবাৰে সমীপত জনীয়াৰ ইটা উদ্যোগত শিশু শ্ৰমিক নিয়োগ হৈ থকাটো বৰপেটা জিলা প্ৰশাসনৰ দুৰ্বলতা আৰু দূৰ্ভাগ্যজনক বুলিও প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত যদি বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ইয়াত ৰহস্য থকাটোহে প্ৰমাণ কৰিব বুলিও দোহাৰে। আন পিনে চাইল্ড লাইনৰ বৰপেটা জিলাৰ সঞ্চালক আব্দুল মালিকে ঘটনাটো দূৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰাৰ লগতে তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে।Conclusion:slug: as_jania_3feb_child_labour_vis2+byt4+pho1_excl_spl_pkg_story_asc10058

Byte: শিশু শ্ৰমিক, ৰাইজ আৰু চাইল্ড লাইনৰ সঞ্চালকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.