বৰপেটা,20 জুলাই : সোমবাৰে বৰপেটাৰ সৰ্থেবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । 1997 চনত থানালৈ উন্নীত হোৱা সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনটো মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে ।
ভৱনটো উদ্বোধন কৰি ৰাইজৰ শান্তি নিৰাপত্তাৰ দায়িত্ব আৰক্ষীয়ে ল'ব লাগিব বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ইপিনে সোমবাৰে এই অনুষ্ঠানতেই সৰ্থেবাৰীৰ কাঁহশিল্পৰ উন্নয়নৰ বাবে "বেল মেটেল আৰ্টিজেনচ এণ্ড ট্ৰেডিং কোঅপাৰেটিভ ছোচাইটি লিমিটেড"ক এক কোটি টকাৰ অনুদান আগবঢ়াই চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
-
With the aim of catalysing the Bell Metal industry & economically strengthen artisans involved with it, handed over financial assistance of ₹ 1 crore to the Bell Metal Artisans & Trading Co-operative Society Limited of Sarthebari under CM’s Local Entrepreneur Promotion Scheme. pic.twitter.com/1BBJYlsdu9
— Sarbananda Sonowal (@sarbanandsonwal) July 20, 2020 " class="align-text-top noRightClick twitterSection" data="
">With the aim of catalysing the Bell Metal industry & economically strengthen artisans involved with it, handed over financial assistance of ₹ 1 crore to the Bell Metal Artisans & Trading Co-operative Society Limited of Sarthebari under CM’s Local Entrepreneur Promotion Scheme. pic.twitter.com/1BBJYlsdu9
— Sarbananda Sonowal (@sarbanandsonwal) July 20, 2020With the aim of catalysing the Bell Metal industry & economically strengthen artisans involved with it, handed over financial assistance of ₹ 1 crore to the Bell Metal Artisans & Trading Co-operative Society Limited of Sarthebari under CM’s Local Entrepreneur Promotion Scheme. pic.twitter.com/1BBJYlsdu9
— Sarbananda Sonowal (@sarbanandsonwal) July 20, 2020
মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত দিয়া হয় এই ধনৰাশি । এই অনুষ্ঠানত বানত ডুবি প্ৰাণ হেৰুওৱা বিষ্ণু বড়ো আৰু অচ্যুত নাথৰ পৰিয়ালকো চাৰি লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰীৰ লগত ডিজিপি ভাস্কৰজ্যোতি মহন্ত,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,নলবাৰীৰ বিধায়ক অশোক শৰ্মা উপস্থিত থাকে ।