বৰপেটা,১৪ মাৰ্চ: বৰপেটাত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চাউলখোৱা মহোৎসৱ ৷ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ পদৰেণুৰে ৰঞ্জিত ঐতিহ্যনগৰী বৰপেটা চহৰৰ কাষেৰে বৈ যোৱা চাউলখোৱা নৈৰ পাৰত অনুষ্ঠিত চাউলখোৱা মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷
বৰপেটাৰ নখান্দা আৰু চাউলখোৱা নৈৰ পাৰত গঢ় লৈ উঠা বৰপেটাৰ অনন্য সত্ৰীয়া আৰু লোক সংস্কৃতিৰ লগতে বৰপেটাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সমন্বয়ৰ বাণীৰে অনুষ্ঠিত হৈ অহা চাউলখোৱা মহোৎসৱে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে ৷
![বৰপেটাত চাউলখোৱা মহোৎসৱৰ ৰূপালী জয়ন্তী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-13to15-14march-chawlkhowa-mahotsav-visphoto-as10038_14032021171819_1403f_1615722499_907.png)
বৰপেটাৰ চাউলখোৱা নদীৰ পাৰত অনুষ্ঠিত হোৱা চাউলখোৱা মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সমন্বয়নৰ বাণীৰে সাংস্কৃতিক শোভাযাত্ৰা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আনহাতে, নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মুম্বাইৰ আমন্ত্ৰিত শিল্পীৰ লগতে স্থানীয় কেইবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত প্ৰশাসনৰ উদ্যোগত স্বাক্ষৰ অভিযান