বৰপেটা,৮ মে': বৰপেটাত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কুমাৰী প্রতিমা ভৌমিক(Minister of State Kumari Pratima Bhaumik in Barpeta) । মন্ত্ৰীগৰাকী উপস্থিত হৈ দিব্যাংগ সকলৰ দৈনন্দিন জীৱন সহজ আৰু সৰল কৰি তোলাৰ প্ৰয়াসেৰে বৰপেটাত দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ মাজত আজি কেন্দ্ৰীয় চৰকাৰৰ সা-সঁজুলি বিতৰণ কৰে(Central minister distribute aid devices) ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱামতে বৰপেটাত আজি ৪ হাজাৰ ৫৭ গৰাকী দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত প্ৰায় ৫ কোটি ৫৩ লাখ টকা ব্যয় সাপেক্ষ সম্পূর্ণ বিনামূলীয়াকৈ হুইল চেয়াৰ, ৱাকাৰ, চচমা, শ্রৱণ যন্ত্র, খোজকঢ়া লাখুটি আদি বিতৰণ কৰা হয় ।
বৰপেটাৰ এম চি কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত সঁজুলি বিতৰণ অনুষ্ঠানত বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিব্য়াংগ তথা জেষ্ঠ নাগৰিকসকলৰ সহায়ক হোৱাকৈ যথেষ্ট কাম কৰি থকা হৈছে । জেষ্ঠ নাগৰিকসকলৰ অভিজ্ঞতা চৰকাৰে কামত লগোৱাতো প্ৰধানমন্ত্ৰীৰ এক সপোন বুলি উল্লেখ কৰে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: চোৰাংচোৱা নাছিল ধনজিৎ; উচুপি উচুপি ক’লে পত্নী সুমনে