ETV Bharat / state

কলগাছিয়াৰ ক্ষুদ্ৰকুছিত আন্তৰ্জাতিক যোগ দিৱস পালন

author img

By

Published : Jun 21, 2021, 1:55 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলগাছিয়াৰ ক্ষুদ্ৰকুছিতো পালন কৰা হ'ল আন্তৰ্জাতিক যোগ দিৱস ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰূপসী ব্লক মণ্ডলৰ উদ্যোগত যোগ দিৱস পালন কৰা হয় ৷

International Yoga Day
কলগাছিয়াৰ ক্ষুদ্ৰকুছিত আন্তৰ্জাতিক যোগ দিৱস পালন

জনীয়া, 21জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day) ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সপ্তমবাৰৰ বাবে পালন কৰা হৈছে যোগ দিৱস ৷ ক’ভিড পৰিস্থিতিৰ মাজতে সোমবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যবাসীৰ । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কলগাছিয়াৰ ক্ষুদ্ৰকুছিতো সোমবাৰে পালন কৰা হ'ল আন্তৰ্জাতিক যোগ দিৱস ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰূপসী ব্লক মণ্ডলৰ উদ্যোগত পালন কৰা হয় এই যোগ দিৱস ৷

সোমবাৰে পুৱাৰ ভাগত জনীয়া সমষ্টিৰ ক্ষুদ্ৰকুছি দূৰ্গা মন্দিৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ ৰূপসী ব্লক মণ্ডলৰ উদ্যোগত আৰু ব্লক মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্য্যৰ নেতৃত্বত পালন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস । এই অনুষ্ঠানত পুৱাৰ ভাগত মাৰাথান দৌৰ অনুষ্ঠিত কৰাৰ লগতে খেলপথাৰত ক’ভিড প্ৰট'কলসমূহ মানি যোগাসন আৰু বিভিন্ন ধৰণৰ শৰীৰ চৰ্চাৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰয়াস কৰা হয় ৷

কলগাছিয়াৰ লগতে বৰপেটাতো সোমবাৰে পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস ৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অক্ষয় কুমাৰ দাস প্ৰেক্ষাগৃহত পালন কৰা হয় যোগ দিৱস । বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগাভ্যাস মাথো আজিৰ দিনটোতে নহৈ বছৰৰটোৰ প্ৰতি দিনেই যোগৰ অনুশীলন কৰাতো উচিত বুলি মন্তব্য কৰে ৷

যোগাসন কৰিলে মানৱ শৰীৰত হ’ব পৰা বিভিন্ন বেমাৰৰ পৰা সাত সাৰি থকাৰ লগতে মানসিকভাৱে যথেষ্ট সুস্থ হৈ থাকিব পাৰি বুলি মন্তব্য কৰি সকলোকে প্ৰতিদিনে যোগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ উল্লেখ্য যে, জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে বৰপেটাৰ বিভিন্ন লোকে বৰপেটাত অনুষ্ঠিত এই যোগ দিৱসৰ অনুষ্ঠানত ভাগ লয় ৷

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে 21 জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰিছিল ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘক 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ পাচতে 2015 চনৰ 21 জুনৰ পৰা যোগ দিৱস পালন কৰি অহা হৈছে ৷

ভাৰতীয় যোগৰ মহত্ব প্ৰচাৰ আৰু যোগ জনপ্ৰিয় কৰি তোলাৰ লগতে যোগক জীৱনৰ দৈনন্দিন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আজিৰ দিনটোক যোগ দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক : শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰত যোগ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.