ETV Bharat / state

সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

author img

By

Published : Apr 15, 2021, 11:54 AM IST

অসমৰ বাপতি সাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সময়তে বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰা হৈছে ব'হাগ বিহু ৷ বৰপেটাত ৰঙালী বিহুৰ ঢোল, পেঁপা, গগনা বিহু নামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পৰিশীলিত ৰূপত পালন কৰা হয় ব'হাগ বিহু ৷

সত্ৰীয়া পৰম্পৰা ৰীতি নীতিৰে বৰপেটাত ব'হাগ বিহু

বৰপেটা, 15 এপ্ৰিল: ব’হাগী মলয়াই অনুভৱী ব’হাগক আকাশে বতাহে মুখৰিত কৰিছে ৷ ঢোল-পেঁপাৰ মাতে অসমীয়াৰ চৌপাশত ৰজনজনাইছে ৷ অসমৰ বাপোটি সাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সময়তে বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰা হৈছে ব'হাগ বিহু ৷ বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰিক ৷

বৰপেটাত ৰঙালী বিহুৰ ঢোল, পেঁপা, গগনা বিহু নামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পৰিশীলিত ৰূপত পালন কৰা হয় ব'হাগ বিহু ৷ বৰপেটাত স্থানীয় ভাষাত ব'হাগ বিহুক কোৱা হয় বৈহাগ'ৰ দোমাহী ৷ চ’তৰ সংক্ৰান্তিৰ পৰা সাতদিন যোৰা পালন কৰা বৈহাগ'ৰ দোমাহীৰ আজি পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহী ৷

বৰ দোমাহীৰ দিনা সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভীৰ কৰিছে ৷ বৰ দোমাহী উপলক্ষে সত্ৰত পুৱা নাম প্ৰসংগৰ পিচত সত্ৰৰ গায়ন-বায়নে গুৰুঘাট বজায় ৷ হৰিনামৰ অমিয়া সুৰ, গায়ন বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ ৷ পহিলা বহাগৰ দিনটোত সত্ৰত আঁঠু লৈ গুৰু দুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছে ভক্তসকলে ৷

ইফালে পুৱাৰ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হ’ব ৷ সত্ৰৰ দৈবজ্ঞই কৰা বৰ্ষফল গণনা শুনিবলৈ আজি সত্ৰখনত সমবেত হব বৰপেটাবাসী প্ৰতিজন লোক ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গণনাৰ পিচতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হ’ব বৰ্ষফল গণনা ৷

লগতে পঢ়ক: জোনাইত ৰংজালু বৈচাগু উৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.