বৰপেটা, ১২ নৱেম্বৰঃ এআইইউডিএফৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনৰ নেতৃত্বত এটা দলে বৃহস্পতিবাৰে বৰপেটা সদৰ থানাত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ দলটোৱে এজাহাৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শান্তিৰ পৰিবেশ বিঘ্নিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ এআইইউডিএফৰ দলটোৱে আৰক্ষীক ফেচবুকত সাধাৰণ লোকে অনৈতিক পোষ্ট কৰিলে গ্ৰহণ কৰা ব্যৱস্থাৰ দৰে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ দাবী জনায় ৷
উল্লেখ্য যে, 5 নৱেম্বৰত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বদৰুদ্দিন আদমলক আদৰণি জনাবলৈ যোৱা এআইইউডিএফৰ কৰ্মীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ অভিযোগ তুলি বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত এটা ভিডিঅ’ আপল’ড কৰিছিল ৷ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ঠায়ে ঠায়ে অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ মাজতেই আজি বৰপেটাত এআইইউডিএফৰ এটা দলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত দাখিল কৰে এজাহাৰ ৷
লগতে পঢ়ক: সৰ্বা-হিমন্তই ৰাজনৈতিক পথাৰত সাম্প্ৰদায়িক প্ৰচাৰ চলাইছেঃ মনোৰঞ্জন তালুকদাৰ