কলগাছিয়া, 12 ডিচেম্বৰঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে কলগাছিয়াত কেবৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ কলগাছিয়াৰ আতোৱাৰ ৰহমান বি এড কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে কেবৰ বিৰুদ্ধে আৰম্ভ কৰে এক গণতান্ত্ৰিক আন্দোলন ৷ ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি কলেজৰ পৰা বামুনটাৰী বালাৰ পথাৰ, গুনিয়ালগুৰি আদি অঞ্চলত পদযাত্ৰা কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । কেব বাতিল নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰী সকলে ।
ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ হুংকাৰ প্ৰদান কৰে ৷ ইয়াৰ লগতে বিয়লি প্ৰায় ১০ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কলগাছিয়া চাৰিআলিত সমবেত হৈ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰে ৷