বৰপেটা, 17 ডিচেম্বৰঃ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ চৰকাৰে 144 ধাৰ জাৰি কৰাৰ পিচতে ক্ষান্ত হোৱা নাই প্ৰতিবাদী জনতা ৷ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল ব্যাপক প্ৰতিবাদ ৷ সত্ৰনগৰী বৰপেটাতো সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আছুৰ নেতৃত্বত ৰূপায়ণ কৰা হয় গণ সত্যাগ্ৰহ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সত্ৰনগৰী বৰপেটাৰ সত্ৰাধিকাৰ,শিল্পী,সাহিত্যিক আদিৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,গৰিয়া মৰিয়া জাতীয় পৰিষদ,লেখিকা সমাৰোহ সমিতি,উকীল সন্থাকে ধৰি বিভিন্ন দল সংগঠন ৷
![CAA protest across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5402005_2.jpg)
সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বৰপেটা জিলা আমছুৰ কৰ্মকৰ্তাসকলেও সাব্যস্ত কৰে প্ৰতিবাদ ৷ আমছুৰ বৰপেটা জিলা সমিতিয়ে এই আইন বাতিলৰ দাবীত চাৰিঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে মঙলবাৰে ৷
মৰিয়নীঃ যোৰহাটৰ মৰিয়নীতো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে। উক্ত প্ৰতিবাদত অংশ লয় আছা,আটচা,মৰিয়নী বজাৰ কমিটি,প্ৰাক্তন অগপ,আছু,অসম কৰ্মচাৰী পৰিষদ,তাই আহোম ছাত্ৰ সন্থা,মাৰোৱাৰী যুৱ মঞ্চকে ধৰি মৰিয়নীৰ দাঁতিকাষৰীয়া গাঁও অঞ্চলৰ পৰা অহা শতাধিক পুৰুষ মহিলাই ৷
![CAA protest across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5402005_1.jpg)
বাসুগাঁওঃ চিৰাঙৰ বাসুগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল ৷ বাসুগাঁও ৰাজাচাৰাং পথাৰত আছু,আক্ৰাছু,চিলাৰায় উন্নয়ন মঞ্চ,সুত্ৰধৰ ছাত্ৰ সন্থাকে আদি কৰি কেবাটাও সংগঠনৰ দুই সহশ্ৰাধিক লোকে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
![CAA protest across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5402005_4.jpg)
বঙাইগাঁওঃ বঙাইগাঁও শিল্পী সমাজৰ লগতে আইনখনৰ বিৰুদ্ধে আমছুৰ সদস্যসকলে বঙাইগাঁৱত চাৰিঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷
![CAA protest across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5402005_5.jpg)
আমিনগাঁওঃ গুৱাহাটীৰ আমিনগাঁৱতো মঙলবাৰে দেখা যায় ব্যাপক প্ৰতিবাদ ৷ আমিনগাঁও চাৰিআলিৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ পৰা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷ এই সমদলত অংশ লয় হাজাৰ হাজৰ আছু কৰ্মী আৰু স্থানীয় ৰাইজে ৷
![CAA protest across Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5402005_3.jpg)
লগতে পঢ়ক- বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত 'ছাত্ৰ কণ্ঠ' অনুষ্ঠান