ETV Bharat / state

Business man cut tree without permission : নিজ ব্যৱসায়ৰ স্বাৰ্থত ৰাজহুৱা স্থানৰ গছ কটাৰ অভিযোগ মংগল সাহাৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:25 AM IST

নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ৰাজহুৱা স্থানৰ গছ কাটিলে বৰপেটাৰোডৰ মংগল সাহাই ৷ এই অভিযোগ বৰপেটাৰোডবাসীৰ ৷ অভিযুক্ত মংগল সাহাৰ এই কাৰ্যক ধিক্কাৰ দিছে বৰপেটাৰোডৰ সচেতন মহলে ৷

Business man cut tree without permission
বৰপেটাৰোডৰ মৰা মানাহত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ

বৰপেটাৰোড, 1 অক্টোবৰ : এজোপা কৃষ্ণচূড়া গছ আৰু এজন ব্যৱসায়ীৰ কৰ্মকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে বৰপেটাৰোডৰ মৰা মানাহত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ নিজ স্বাৰ্থৰ বাবে এগৰাকী ব্যৱসায়ীয়ে বৰপেটাৰোডৰ মৰা মানাহত থকা বিষ্ণু-জ্যোতি সৰোবৰৰ ৰাজহুৱা স্থানত থকা এজোপা কৃষ্ণচূড়া গছ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযুক্ত ব্যৱসায়ীজন হৈছে CAPITAL SKIN CARE ফাৰ্মাচীৰ স্বত্বাধিকাৰী মংগল সাহা ৷

অভিযোগ অনুসৰি, মংগল সাহা নামৰ ব্যৱসায়ীজনে উক্ত গছজোপা কটা কাৰ্যক বাধা প্ৰদান কৰে ক্ষুদ্ৰ ব্যৱসায়ী পংকজ সাহা নামৰ লোকে ৷ যাৰবাবে মংগল সাহাই প্ৰহাৰ কৰে পংকজ সাহাক ৷ এই ঘটনাক স্থানীয় লোকেও কটু সমালোচনা কৰে ৷ ইফালে পংকজ সাহাই ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী মংগল সাহাৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেউজ বিপ্লৱ সূচনা কৰাৰ কথা চিন্তা কৰি অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে বৃক্ষৰোপন কৰি বিশ্ব ৰেকৰ্ড কৰাৰ দিশে অগ্ৰসৰ হৈছে, সেই সময়তেই বৰপেটাৰোডৰ মংগল সাহা নামৰ এগৰাকী ব্যৱসায়ীয়ে বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰৰ সৌন্দৰ্য বৰ্দ্ধন কৰা কৃষ্ণচূড়া গছজোপা কাটি পেলোৱা কাৰ্যক তীব্ৰ নিন্দা কৰিছে চহৰখনৰ সচেতন মহলেও ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰৰ কাষতে মংগল সাহাৰ CAPITAL SKIN CARE নামৰ এখন ফাৰ্মাচী আছে ৷ উক্ত গছজোপাৰ বাবে ব্যৱসায়ীজনৰ ফাৰ্মাচীখনৰ নাম ফলক দূৰৈৰ পৰা ৰাইজৰ চকুত নপৰে ৷ যাৰ বাবে ৰাজহুৱা স্থানত থকা কৃষ্ণচূড়া গছজোপা ব্যৱসায়ী মংগল সাহাই নিজৰ খেয়ালখুচি মতে কাটি পেলায় ৷

জানিব পৰা মতে, ব্যৱসায়ীগৰাকীয়ে উক্ত কৃষ্ণচূড়া গছজোপা কাটিবলৈ বন বিভাগ আৰু বৰপেটাৰোড পৌৰসভাৰ পৰাও লোৱা নাছিল কোনোধৰণৰ অনুমতি ৷ অনুমতি অবিহনে গছজোপা কটা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে বৰপেটাৰ বন বিভাগ, বৰপেটাৰোড পৌৰবোৰ্ডৰ লগতে চহৰবাসীয়ে ।

বন বিভাগৰ অনুমতি নোহোৱাকৈ গছজোপা কটাৰ বাবে ব্যৱসায়ী মংগল সাহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি বৰপেটাৰোড আঞ্চলিক বন কাৰ্যালয়ৰ ৰেঞ্জাৰে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Swachh Bharat Abhiyan in Sivasagar : শিৱসাগৰত এক দিন এক ঘণ্টা একেলগে স্বচ্ছতা অভিযান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.