ETV Bharat / state

বৰপেটালৈ বাছেৰে অনা হ'ল লক ডাউনত আবদ্ধ লোকসকলক - বৰপেটালৈ বাছেৰে অনা হ'ল লক ডাউনত আবদ্ধ লোক সকলক

বৰপেটাত আহি উপস্থিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আবদ্ধ লোকসকল,স্বাস্থ্য পৰীক্ষা আৰু খাদ্যৰ ব্যবস্থা কৰিলে জিলা প্ৰশাসনে ৷

as_bar_802_26april_52_bus_come_from_other_dist_vis_7203841
বৰপেটালৈ বাছেৰে অনা হ'ল লক ডাউনত আবদ্ধ লোক সকলক
author img

By

Published : Apr 27, 2020, 7:48 PM IST

বৰপেটা 27 এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা অনুসৰি শিৱসাগৰ যোৰহাট,ডিব্ৰুগড়,হাফলং আদিত লক ডাউনৰ বাবে আবদ্ধ লোকসকলক নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ কৰা বাবে যি ব্যৱস্থা কৰিছিল সেই অনুসৰি দেওবাৰে আহি উপস্থিত হয় বৰপেটাৰ মাজদিয়াত ৫২খন যাত্ৰীবাহী বাছ ৷ ইতিমধ্যে বৰপেটাৰ সীমামূৰীয়া মাজদিয়া গাঁৱত বৰপেটা জিলা প্ৰশাসনে বিভিন্ন জিলাৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিজন লোকৰ স্কেনিঙৰ ব্যৱস্থা কৰিছে বিশেষ মেডিকেল টীমে ৷

বৰপেটালৈ বাছেৰে অনা হ'ল লক ডাউনত আবদ্ধ লোক সকলক
আনহাতে বিভিন্ন ঠাইৰ পৰা ভোকে পিয়াহে অহা লোকসকলৰ বাবে বৰপেটা আৰক্ষী প্ৰশাসনে খাদ্যৰ ব্যৱস্থা কৰিছে যাতে কোনো অনাহাৰে থাকিব নালাগে ৷ বৰপেটাৰ সদৰ ডি এছপি সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ ডি এছ পি সমীৰণ বৈশ্যই নিজে উপস্থিত থাকি লোকসকলৰ মাজত খাদ্য বিতৰণ কৰাৰ লগতে ক‘ৰণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰে ৷লগতে পঢকঃ কোৱাৰেন্টাইন চেন্টাৰত খাদ্য সামগ্ৰী বিতৰণত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বাধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.