বৰপেটা, 28 জুলাই: ৰাজ্যজুৰি জেহাদীয়ে পেলাইছে ভয়ংকৰ জাল ৷ ৰাজ্যত একেদিনাই দুই স্থানত জেহাদী গ্ৰেপ্তাৰৰ ঘটনাই চকু কঁপালত তুলিছে ৰাজ্যবাসীৰ ৷ মৰিগাঁৱৰ পিছতে এইবাাৰ বৰপেটাত 7 জেহাদীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে (7 Jihadi arrested in Barpeta) ৷
ধৃত জেহাদীকেইটা ক্ৰমে মইনুহ হক, আমিদুল ইছলাম, ৰফিকুল ইছলাম, ছাহজাহান আলী, কাজিবুৰ হুছেইন, ছাহানুৰ আৰু জুবেৰ খান ৷ জেহাদীকেইটা বাংলাদেশৰ আনচাৰুল পৰা অহা বুলি জানিবলৈ দিয়ে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটাৰ জনীয়াৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মইনুহ, ৰফিকুল, ছাহজাহান আৰু কাজিবুৰক ৷
আনহাতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুবেৰ খান নামৰ জেহাদীটোক ৷ আনহাতে মহানগৰীৰ হাতীগাঁৱৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহানুৰ নামৰ জেহাদীটোক ৷ সম্প্ৰতি এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷
ইফালে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়াগাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে অভিযান (Madrassa sealed in Morigaon)চলাই মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ সন্দেহত আটক কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰিছিল (Police arrested Madrasa head Mufti Mustafa)৷ ইয়াৰ পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে(Jihadi activities from madrasa in Morigaon) ৷
লগতে পঢ়ক: Jihadi activities from madrasa: মৰিগাৱঁত জেহাদী সংগঠনৰ মাদ্ৰাছা ছীল, লিংকমেন গ্ৰেপ্তাৰ