বাক্সা, 15 মাৰ্চঃ বিটিচিৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বাক্সাত বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ তৎপৰতা বৃদ্ধি পাইছে ৷ দেওবাৰে গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন কৰাৰ উপৰিও এখন মুকলি সভা অনুষ্ঠিত কৰে । সমষ্টিটোত মহেশ্বৰ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে নৱ নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,জি এম গনেশ কচাৰী উপৰিও বিপিএফৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী ।
আনহাতে, আবেলি ভাগত ২৯ নং শুক্লাইচেৰ্ফাং সমষ্টিটোৰ বিপিএফৰ দলীয় কৰ্মীৰ উপস্থিতিত নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয় । উক্ত সভাতে প্ৰাক্তন এনডিএফবিৰ তিনিটা গোটৰ কেইবাগৰাকীও সদস্যই যোগদান কৰে । সভাত উপস্থিত থাকি জি এম গনেশ কচাৰীয়ে কয় যে, তিনিটা কাৰ্যকালত বহুত ব্যৱধানত জয়ী হৈছো । বিগত নিৰ্বাচনৰ সময়চোৱাত তিনি কোণীয়া প্ৰতিদ্বন্দীতা হৈছিল । এইবাৰ বিপিএফ দল অধিক শক্তিশালী হৈছে , তথাপিও এইবাৰ চাৰিকোণীয়া প্ৰতিদ্বন্দীতা হ'ব আৰু তেওঁ ১৮০০০ হাজাৰ ভোটা পাব বুলি আশাবাদী । লগতে গনেশ কচাৰীয়ে পুণৰ বাৰ জয়ী হোৱাৰ পিছতেই সমষ্টিটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক বিনামূলীয়া কাৰিকৰী প্ৰশিক্ষণ দিব বুলিও মন্তব্য কৰে ।