জনীয়া, 10 আগষ্টঃ গৰমৰ বন্ধ শেষ হৈ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান ৷ কিন্তু বানে বিধ্বস্ত কৰা বহু ঠাইৰ বিদ্যালয়ত এতিয়াও গঢ়ি উঠা নাই পাঠদানৰ পৰিৱেশ ৷ বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭০৯ নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত বালিত পোত গৈছে যাৰ বাবে বিদ্যালয় খনৰ দৰ্জা পৰ্যন্ত খুলিব পৰা নাই ৷ ইয়াৰোপৰি বালিত পোত গৈছে বিদ্যালয় খনৰ দমকল ৷ প্ৰশাসনে যদি বিদ্যালয় খন অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে বিদ্যালয়খনৰ ৪০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈ ৰ'ব লাগিব ৷
বালিত পোত যোৱা বৰপেটাৰ এখন বিদ্যালয়
বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭০৯নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত বালিত পোত গৈছে
জনীয়া, 10 আগষ্টঃ গৰমৰ বন্ধ শেষ হৈ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান ৷ কিন্তু বানে বিধ্বস্ত কৰা বহু ঠাইৰ বিদ্যালয়ত এতিয়াও গঢ়ি উঠা নাই পাঠদানৰ পৰিৱেশ ৷ বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭০৯ নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত বালিত পোত গৈছে যাৰ বাবে বিদ্যালয় খনৰ দৰ্জা পৰ্যন্ত খুলিব পৰা নাই ৷ ইয়াৰোপৰি বালিত পোত গৈছে বিদ্যালয় খনৰ দমকল ৷ প্ৰশাসনে যদি বিদ্যালয় খন অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে বিদ্যালয়খনৰ ৪০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈ ৰ'ব লাগিব ৷
Anchor: গৰমৰ বন্ধৰ পিছত এতিয়াও খুলিব পৰা কলগাছিয়াৰ ১৭০৯ নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়। সংহাৰী বানত বালিত পোত খালে বিদ্যালয়খন। ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ নামি আহিছে অন্ধকাৰ।Body:slug: as_jania_10aug_school_inside_ground_vis2+byt2+pho1_spl_pkg_story_asc10058
VO-1: বানে বিধস্ত কৰিলে বৰপেটা জিলাৰ বহু শিক্ষানুষ্ঠান৷ গৰমৰ বন্ধ শেষ হৈ আৰম্ভ হ’ল বিদ্যালয়ৰ পাঠদান। কিন্তু এখন বিদ্যালয়ত পাঠদানৰ পৰিৱেশ গঢ়ি উঠা নাই। এই বিদ্যালয়খন হৈছে ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭০৯ নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়। সম্প্ৰতি এই বিদ্যালয় খনৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। উল্লেখ্য যে, হৈ যোৱা বেঁকী নৈৰ সংহাৰী বানত কাচুকাটি, কাউৰঝাহী আৰু মোৱামাৰী চৰত গাঁওখনত থকা শতাধিক পৰিয়ালৰ ঘৰবাৰী ধ্বংস স্থূপত পৰিণত হোৱাৰ লগতে বিদ্যালয় খনৰ বাহিৰে ভিতৰে বালিৰে পোত খাই যায়। যাৰ ফলত বিদ্যালয় খনৰ দৰ্জা পৰ্যন্ত খুলিব পৰা নাই, বালিৰ তলত পোত খাই আছে বিদ্যালয়খনৰ দমকল। ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ত থকা দুজন শিক্ষক উপস্থিত হোৱাৰ পিছতো পাঠদান চলাব পৰা নাই। ইফালে প্ৰশাসনে বা উৰ্ধতন কৰ্তৃপক্ষই যদি বিদ্যালয় খোলাৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে এই ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বঞ্চিত হব শিক্ষাৰ পৰা। কিয়নো এইখন বিদ্যালয়ৰ বাদে ২ কিলোমিটাৰ আশে পাশে নাই কোনো বদ্যালয়।Conclusion:slug: as_jania_10aug_school_inside_ground_vis2+byt2+pho1_spl_pkg_story_asc10058
Byte: ৰাইজৰ মন্তব্য।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।