বৰপেটা,২৯ ডিচেম্বৰঃ বৰপেটা প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল বিশ্ব প্ৰসিদ্ধ লেখক হাৰ্বাৰ্ট জৰ্জ ওৱেলচৰ 'A Short History of The World' শীৰ্ষক গ্ৰন্থখনৰ অসমীয়া অনুবাদ ৷ লেখক অধ্যাপক ড0 ৰণজিৎ সভাপণ্ডিতে অনুবাদ কৰা 'পৃথিৱীৰ চমু ইতিহাস' উন্মোচন কৰে বিশিষ্ঠ সাহিত্যিক তথা কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷
ইয়াৰ সমান্তৰালভাৱে এই উপলক্ষে বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড0 ৰণজিৎ সভাপণ্ডিতৰ 'প্ৰবাস প্ৰব্ৰজন অনুপ্ৰবেশৰ চক্ৰবেহুত অসম' শীৰ্ষক আন এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ উন্মোচনী অনুষ্ঠান কেইবাজনো জেষ্ঠ সাহিত্যিক,লেখক উপস্থিত থাকে ৷
লগতে পঢ়ক : ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই