ETV Bharat / state

অস্তিত্বৰ সংকটত বৰপেটাৰ বৈঠাপুতা ঘাট সত্ৰ

অস্তিত্বৰ সংকটত বৰপেটাৰ বৈঠাপুতা ঘাট সত্ৰ ৷ অসমৰ সত্ৰসমূহৰ ভিতৰত অন্যতম এই সত্ৰ ৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই সত্ৰখনলৈ কঢ়িয়াইছে তীব্ৰ ভাবুকি (Boithapota Ghat Satra towards destruction in erosion)৷

author img

By

Published : May 23, 2022, 2:28 PM IST

boithapota-ghat-satra-towards-destruction-in-erosion
অস্তিত্বৰ সংকটত বৰপেটাৰ বৈঠাপুতা ঘাট সত্ৰ

বৰপেটা, 23 মে' : বৰপেটাৰ বাঘবৰ পাহাৰৰ এক নৈসৰ্গিক পৰিবেশত স্থাপিত এখন সত্ৰ বৈঠাপুতা ঘাট সত্ৰ ৷ বাঘবৰ পাহাৰৰ দাঁতিত জিৰিজিৰি বৈ অহা নিজৰাৰ শব্দৰ লগতে আৰু হৰিনাম ধ্বনিৰে মুখৰিত হৈ থকা বৈঠাপুতা ঘাট সত্ৰ এতিয়া অস্তিত্বৰ সংকটত ৷ কিয়নো ব্ৰহ্মপুত্ৰৰ খহনীয়াই সত্ৰখনৰ বাবে কঢ়িয়াইছে তীব্ৰ ভাবুকি ৷ কিন্তু এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেয়েহে এই বিষয়টোক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৰপেটাৰ সত্ৰ সমাজ তথা সচেতন মহল (Boithapota Ghat Satra towards destruction in erosion)।

ইতিমধ্যে ভয়াৱহ বানৰ ফলত সৃষ্টি হোৱা তীব্ৰ গৰাখহনীয়াত জাহ গৈছে বহু খিলঞ্জীয়া তথা বড়ো সম্প্ৰদায়ৰ মাটি-ভেঁটিৰ লগতে বাসগৃহ (Land erosion in Barpeta)৷ সত্ৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে এতিয়া দূৰত্ব মাথো ৫০ মিটাৰ ৷ যদি শীঘ্ৰেই এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে অনাগত দিনত জাহ যাব এই সত্ৰ ৷ নিজৰ মাটি-ভেঁটি সৰ্বস্ব হেৰুৱাই বাঘবৰ পাহাৰত শেষ সম্বল হিচাপে সত্ৰখনক সাৰথি কৰি বহুকেইটি অসমীয়া পৰিয়ালে বাস কৰি আছে যদিও এতিয়া সত্ৰখন ব্ৰহ্মপুত্ৰত জাহ যাবলৈ লোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷

ঐতিহ্যমণ্ডিত এই সত্ৰখন ৰক্ষাৰ বাবে এতিয়া ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে৷ লগতে সত্ৰখন ৰক্ষা কৰা বা সত্ৰৰ বন্তিগছি আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে স্থাপন কৰা এই সত্ৰখন যদি ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যায় তেন্তে হয়তো কালৰ বুকুত হেৰাই যাব জাতীয় জীৱনৰ এক ঐতিহ্যপূৰ্ণ ইতিহাস ৷ অসমীয়াৰ আবেগৰ সৈতে জড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ কৰিব নে নাই সেয়া সময়তহে হ'ব লক্ষনীয় ৷

লগতে পঢ়ক : ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৰক্ষাৰ আহ্বান জনাই ধৰ্ণাত বহিল বিধায়ক শ্বেৰমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.