ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পাতালত ধন আত্মসাৎৰ ঘটনাঃএজনক গ্ৰেপ্তাৰ

author img

By

Published : Nov 7, 2020, 10:32 PM IST

চৰকাৰী ধন আত্মসাতৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ হাস্পাতালৰ কেচ কাউন্টাৰত সংগৃহীত ধন জমা দিয়াৰ পৰিৱৰ্তে ১৪ লাখ টকাৰ কোনো হিচাপ নোহোৱাকৈ আত্মসাৎ কৰিছিল ৷ বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীৰ এজাহাৰৰ ভিত্তিতেই শনিবাৰে কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

as_bar_04_bmch_employee_arrested_vis_7203841
বৰপেটা মেডিকেল কলেজ হাস্পাতালত ধন আত্মসাৎৰ ঘটনাঃএজনক গ্ৰেপ্তাৰ

বৰপেটা,৭নৱেম্বৰঃ বৰপেটা মেডিকেল কলেজ হাস্পাতালত সংঘটিত হৈছে চৰকাৰী ধন আত্মসাতৰ ঘটনা ৷ চৰকাৰী ধন আত্মসাতৰ অভিযোগত হাস্পাতালখনৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীজন হ'ল প্ৰণৱ ৰাভা ৷ প্ৰণৱ ৰাভা বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ বহিঃবিভাগ আৰু জৰুৰীকালীন বিভাগৰ কেচ কাউন্টাৰত নিয়োজিত হৈ আছিল ৷ বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীৰ এজাহাৰৰ ভিত্তিতেই শনিবাৰে কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্যযে, মেডিকেল কলেজ হাস্পাতালৰ কেচ কাউন্টাৰত সংগৃহীত ধন জমা দিয়া নাছিল কৰ্মচাৰী গৰাকীয়ে ৷ ৰোগীৰ পৰা সংগ্ৰহ কৰা প্ৰায় ১৪ লাখ টকা চৰকাৰক জমা নিদিয়াকৈ আত্মসাৎ কৰিছিল ৷ এই বিত্তীয় কেলেংকেৰী সম্পৰ্কত কৰ্মচাৰীজনক ৪৮ ঘন্টাৰ সময় দিছিল হাস্পাতাল কতৃপক্ষই ৷ কিন্তু ৪৮ ঘন্টাৰ ভিতৰত ধন জমা কৰাৰ সময় উকলি যোৱাৰ পাছতো কোনো গুৰুত্ব নিদিলে প্ৰণৱ ৰাভাই ৷ ইফালে মেডিকেল কলেজ হাস্পাতালৰ ষ্টেন'গ্ৰাফাৰ পদত কাৰ্যনিৰ্বাহ কৰা প্ৰণৱ ৰাভা দীৰ্ঘদিন ধৰি হাস্পাতালখনৰ বহিঃ বিভাগ আৰু জৰুৰীকালীন বিভাগৰ কেচ কাউণ্টাৰৰ দায়িত্বত নিয়োজিত হৈ আছিল ৷ ইয়াৰে সুযোগ লৈ প্ৰণৱ ৰাভাই সংঘটিত কৰিছিল এই বিত্তীয় কেলেংকাৰী ৷

ইপিনে বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত প্ৰণৱ ৰাভাক শনিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ অধীক্ষকে এক নিৰ্দেশনাযোগে নিলম্বিত কৰিছে ৷ এই ধন আত্মাসাতৰ ঘটনা সম্পৰ্কে হাস্পাতাল কতৃপক্ষই নিজাববীয়া এক তদন্ত সমিতিও গঠন কৰিছে ৷ ধন আত্মসাতৰ ঘটনাৰ সৈতে আন কোনো কৰ্মচাৰী জড়িত আছে নেকি সেই সম্পৰ্কেও তদন্ত সমিতিয়ে অনুসন্ধান চলাব বুলি জানিবলৈ দিছে অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

লগতে পঢ়ক: চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.