ETV Bharat / state

Black Market of fertilizer: কলগাছিয়াত ৰাসায়নিক সাৰৰ ক’লা বজাৰ; অনুমতি অবিহনেই আন জিলালৈ সৰবৰাহ

author img

By

Published : Jun 28, 2023, 7:30 AM IST

কলগাছিয়াত ৰাসায়নিক সাৰৰ ক’লা বজাৰ । অনুমতি নোহোৱাকৈ বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা বঙাইগাঁও জিলালৈ ৰাসায়নিক সাৰ সৰবৰাহ কৰাৰ অভিযোগ বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে ৷

Black Market of fertilizer at Kalgachia in Barpeta
অনুমতি অবিহনেই আন জিলালৈ সৰবৰাহ ৰাসায়নিক সাৰ
ৰাসায়নিক সাৰৰ ক’লা বজাৰ

বৰপেটা, 28 জুন: কলগাছিয়াত ৰাসায়নিক সাৰৰ ক’লা বজাৰ। এখন জিলাৰ পৰা আন এটা জিলালৈ ই-ৰিক্সাৰে সৰবৰাহ ৰাসায়নিক সাৰ ৷ অনুমতি নোহোৱাকৈ এইদৰেই বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা বঙাইগাঁও জিলালৈ ৰাসায়নিক সাৰ সৰবৰাহ কৰাৰ অভিযোগ বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে ৷ চালান অবিহনেই এইদৰেই প্ৰত্যেক দিনাই এখন জিলাৰ পৰা আন এখন জিলালৈ সৰবৰাহ কৰা হয় ৰাসায়নিক সাৰ ৷

ৰাসায়নিক সাৰৰ ক’লা বজাৰে সমগ্ৰ বৰপেটা জিলা ছানি ধৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাজ সাহাৰ্যযুক্ত ৰাসায়নিক সাৰৰ ক’লা বজাৰ কলগাছিয়াত ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বহু দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে তৎপৰ হৈছে যদিও সাৰৰ এই ক’লা বজাৰৰ বিৰুদ্ধে নিমাত হৈ থকাৰ অভিযোগ তুলিছে একাংশই ৷ চৰকাৰৰ উচ্চপদস্ত আমোলা-বিষয়াৰ লগতে কৃষি বিভাগৰ একাংশ বিষয়াৰ সহযোগত ৰাজ্যত ৰাসায়নিক সাৰৰ ক’লা বেহা চলি থকাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নামনি অসমতো চলিছে ইউৰিয়া, পটাছ আৰু ডি এ পি সাৰৰ ক’লা বজাৰ ৷ জানিব পৰা মতে কলগাছিয়া বজাৰৰ মাজমজিয়াত থকা বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰ মফিদুল খানে চালান অবিহনেই বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা ই-ৰিক্সাৰে বঙাইগাঁও জিলাৰ নোয়াগাওঁ বজাৰৰ কোনো এক দোকানলৈ এনেদৰে ৰাসায়নিক সাৰ প্ৰেৰণ কৰে বুলি ই-ৰিক্সা চালকে জানিবলৈ দিয়ে ৷ কোনো ধৰণৰ অনুমতি নোহোৱাকৈ বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰ এইজন মফিদুল খানে চালান অবিহনেই বৰপেটাৰ পৰা বঙাইগাঁও জিলালৈ ৰাসায়নিক সাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এইজন কিষাণ বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰ মফিদুল খানে ৰাসায়নিক সাৰৰ ক’লা বেহা চলাই আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ যদিহে এই অভিযোগ সঁচা হয় তেন্তে পৰৱৰ্তী সময়ত এইজন ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Constituency Delimitation 2023 : জনজাতিৰ লোকৰ বাবে মৰিগাঁও সমষ্টিটো সংৰক্ষণৰ দাবীত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.