ETV Bharat / state

নেলী গণহত্যাৰ ন্যায় প্ৰাপ্তিৰ দাবীত কলগাছিয়াত আমছুৰ কলা দিৱস পালন

কলগাছিয়াত আমছুৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত কলা দিৱস পালন । নেলী গণহত্যাৰ ন্যায় প্ৰাপ্তিৰ দাবীত কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত । শীঘ্ৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী সংগঠনটোৰ ।

author img

By

Published : Feb 18, 2021, 3:38 PM IST

নেলী গণহত্যাৰ ন্যায় প্ৰাপ্তিৰ দাবীত কলগাছিয়াত কলা দিৱস পালন আমছুৰ

জনীয়া, ১৮ ফেব্ৰুৱাৰী: ইতিহাসৰ কলা অধ্যায় হিচাপে চিহ্নিত হোৱা নেলী গণ হত্যাৰ ন্যায় প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত । বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত জিলা সমিতিৰ উদ্যোগত কলা দিৱস পালন আমছুৰ । কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত কলাবেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ । এই প্ৰতিবাদৰ জৰিয়তে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী সংগঠনটোৰ ।

১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনটোতেই ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱাকে ধৰি বিভিন্ন ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল । আমছু আৰু আৰু অসমৰ সংখ্যালঘু ৰাইজৰ দাবীত চৰকাৰে সমগ্ৰ ঘটনা তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তিৱাৰী আয়োগ গঠন কৰিছিল । নেলী গণহত্যাৰ চৰকাৰী হিচাপ মতে ১৮১৯ গৰাকী লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । পৰৱৰ্তী সময়ত নেলী অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ ভুক্তভোগীয়ে ৬৮৮ টা গোচৰ ৰুজু কৰিছিল । তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ সাক্ষী-প্ৰমাণৰ অভাৱত আৰক্ষীয়ে স্থগিত কৰিছিল ।

পৰৱৰ্তী সময়ত তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰে যদিও আজিলৈকে সেই প্ৰতিবেদন ৰাজহুৱা নহ'ল । সেয়ে নেলী অঞ্চলৰ ভুক্তভোগীয়ে আজি পৰ্যন্ত ন্যায় লাভ নকৰিলে। তাৰ প্ৰতিবাদতে বৃহস্পতিবাৰে কলগাছিয়া জিলা আমছুৱে কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনায় । যদিহে আয়োগে ইয়াক ৰাজহুৱা নকৰে, তেন্তে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান নকৰে অসম জাতীয় পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.