বৰপেটা,৫ ফেব্ৰুৱাৰী : ৰাজ্যৰ পৌৰসভা নিৰ্বাচনক (Assam municipal election 2022) লৈ বাকী ৰাজনৈতিক দলসমূহৰ উপৰিও শাসকীয় বিজেপিয়ে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । ঠায়ে ঠায়ে বিজেপিৰ শীৰ্ষ নেতা উপস্থিত হৈ নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে বুজ লৈছে । শুকুৰবাৰে নিশা বৰপেটাত দলীয় নেতা-কৰ্মীৰ সৈতে বিশেষ বৈঠকত মিলিত হয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰী (CM Patwari meets BJP workers at Barpeta)।
বৰপেটাত কি হ'ব বিজেপি দলৰ ৰণকৌশল ? তাক লৈয়ে নিশা ১১ বজালৈ চলিল দলীয় কৰ্মীৰে মন্ত্ৰীগৰাকীৰ বৈঠক । ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰক লগত লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা বিজেপি আৰু নগৰ মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগতে বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ মতামত গ্ৰহণ কৰে ৷
বিশেষকৈ বৰপেটাত পৌৰ নিৰ্বাচনৰ ৰণকৌশল কি হ'ব ? অগপৰ সৈতে কেনেধৰণেৰে হ'ব বুজাবুজি ? বুজাবুজি হ'লে কোন কেইখন আসন এৰি দিয়া হ'ব অগপক ? এইবিষয়ে দলীয় কাৰ্যকৰ্তা আৰু সম্ভাব্য প্ৰাৰ্থীসকলৰ পৰা মতামত গ্ৰহণ কৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
দলীয় কাৰ্যকৰ্তাসকলৰ এই মতামতসমূহ মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক সমিতিক দাখিল কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ইফালে এই মতামতৰ ওপৰত ভিত্তি কৰিয়েই দলৰ ৰাজ্যিক সমিতিয়ে পৌৰ নিৰ্বাচনত বৰপেটাত অগপৰে বুজাবুজি সম্পৰ্কত সিদ্ধান্ত ল'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ শেহতীয়াকৈ বৰপেটা সত্ৰৰ ভূমি বেদখলক লৈ বিতৰ্কৰ সৃষ্টি কৰা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে আইনে বিধায়কগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব ।
আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ কথা মতে কাম কৰিছে শ্বেৰমান আলী আহমেদে । লুৰীণজ্যোতি গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ অস্বীকাৰ কৰে মন্ত্ৰী চন্দ্ৰেমোহন পাটোৱাৰীয়ে । লুৰীণজ্যোতি গগৈক উভতি ধৰিলে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰীগৰাকীৰ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ তেওঁৰ কি আছে ? দুটা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হ'ব নোৱাৰা লুৰীণজ্যোতি সম্পৰ্কে প্ৰশ্ন নকৰিবলৈ সাংবাদিকক আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :Final electoral roll of GMC: ৫ মাৰ্চত প্ৰকাশ পাব গুৱাহাটী পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা