বৰপেটা, 6 মে': 24ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে ৷ ৰাজ্যৰ 45 লাখ বিজেপি সদস্যক একেটা ডিজিটেল ফৰ্মেটত একত্ৰিত কৰি সাংগঠনিক আৰু নিৰ্বাচনী কামকাজ আগবঢ়াই নিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপিয়ে ৷ লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে প্ৰস্তুত কৰা ৰণকৌশল অনুসৰি সমগ্ৰ দেশৰ 18 কোটি 50 লাখ বিজেপি সদস্যক ডিজিটেলী একত্ৰীকৰণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে (BJP Organized Data Managment and Leverage Workshop) ৷
শুকুৰবাৰে ৰাজ্যিক বিজেপিয়ে নামনি অসমৰ 11 খন জিলাৰ 90 খন মণ্ডল সমিতিক লৈ বৰপেটা চহৰত অনুষ্ঠিত কৰে ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজ সম্পৰ্কীয় এখন বৃহৎ কৰ্মশালা ৷ অসম আৰু ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনত অংশ লয় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ৷ 2024 ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যৰ 12 টা সমষ্টি দখলৰ লক্ষ্য স্থিৰ কৰা বুলি মন্তব্য কৰে ৷ ৰাজ্যৰ ১৪ সমষ্টিৰ ভিতৰত বৰপেটা, কলিয়াবৰ আৰু নগাঁও সমষ্টি বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে (Data Management Workshop) ৷
ইফালে বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত সমষ্টি পুনৰুদ্ধাৰৰ বাবে বিজেপিয়ে সৰ্ব্ব শক্তিৰে ৰণত নামিব বুলি মন্তব্য ঋতুবৰণ শৰ্মাৰ ৷ আনহাতে ক্ষমতাত থাককেই বা নাথাকক, সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিজেপিয়ে নিৰন্তৰ কাম কৰি যাব বুলিও মন্তব্য কৰে তেওঁ ৷ লোকসভা নিৰ্বাচনক লৈ গ্ৰহণ কৰা সাংগঠনিক তৎপৰতা অনুসৰি ৰাজ্যখনৰ উজনি, নামনি, মধ্য আৰু বৰাক উপত্যকাক লৈ চাৰিটা জ'নত ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজ কৰ্মশালা অনুষ্ঠিত কৰিব বিজেপিয়ে ৷ শুকুৰবাৰে বৰপেটাত অনুষ্ঠিত কৰ্মশালাখনত ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজৰ ৰাজ্যিক আহ্বায়ক বিমল অ'ছ'ৱাল আৰু ছ'চিয়েল মিডিয়াৰ ৰাজ্যিক প্ৰভাৰী পলাশ লাহনে অংশগ্ৰহণ কৰে (Data Management Workshop in Barpeta) ৷
লগতে পঢ়ক: Assam Grade 4 Result : খানাপাৰাৰ খেলপথাৰত আনুষ্ঠানিকভাৱে বিতৰণ কৰিব নিযুক্তি পত্র